ভানু চৰকাৰী ভূমি বেদখলকাৰীঃ পীযুষ হাজৰিকা

 04/09/2019 - 16:28

বিশ্বনাথ চাৰিআলিঃ বিশ্বনাথ চাৰিআলিত আয়োজিত এক সংবাদমেলত এমজিকে ভানুক লক্ষ্য কৰি বিস্ফোৰক মন্তব্য কৰিছে পীযুষ হাজৰিকাই।

চৰকাৰী ভূমি দখল কৰি চৰকাৰী নিয়ম ভংগৰে ঘৰ নিৰ্মানৰ বাবে ব্ৰহ্মপুত্ৰৰ কাষত ৱাল নিৰ্মান কৰাৰ উপৰিও তেজপুৰৰ কালিবাৰীতো ভানুৱে ভূমি দখল কৰাৰ অভিযোগ তুলিছে হাজৰিকাই।

ভানুৱে ২ কঠা ১৩ লোচা মাটি থকা ঠাইত ৩০৭ দাগত ৪বিঘা ভূমি বেদখল কৰিছে। তেজপুৰৰ উপায়ুক্ত থাকোতে এটা এনজিঅ’ আছিল ভানুৰ। ভানু এনজিঅ’-ৰ সভাপতি থাকোতে তেজপুৰৰ চিত্ৰলেখা অগ্নিগড়সহ ৫টা ঐতিহাসিক স্থানৰ মালিকীস্বত্ব এনজিঅ’টোৰ হাতলৈ গৈছিল।

অন্ধ্ৰপ্ৰদেশৰ ভূমি কেলেংকাৰীত চিবিআইৰ জেৰাৰো সন্মুখীনো হৈছিল ভানু। লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ সময়তে পীযুষ হাজৰিকাৰ এই বিস্ফোৰক অভিযোগে চৰ্চা লভিছে জনসাধাৰণৰ মাজত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.