প্ৰাক্তন বৰপেটা জিলা পৰিষদৰ সভাপতিসহ ৭০ জনৰ এআইইউডিএফত যোগদান

 04/09/2019 - 16:44

বৰপেটা: ৬নং বৰপেটা লোকসভা সমষ্টিৰ এআইইউডিএফৰ প্ৰাৰ্থী ড০ হাফিজ ৰফিকুল ইছলামৰ বৰপেটা সমষ্টি ভিত্তিত এটা নিৰ্বাচনী কাৰ্যালয় হাউলীত আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে এআইইউডিএফৰ কেন্দ্ৰীয় উপ সভাপতি আব্দুল কাদিৰে।

বৰপেটা সমষ্টিৰ কমিটিৰ সভাপতি ইমান খানৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা উদ্বোধনী সভাত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম, দলৰ কেন্দ্ৰীয় উপ সভাপতি আব্দুল কাদিৰ উপস্থিত থাকে। অনুষ্ঠানত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰা হয়।

লগতে দাদা বিগ্ৰেড কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ বিৰুদ্ধে কটু সমলোচনা কৰি তেওঁৰ বিৰুদ্ধে ভোটদান কৰিবলৈ ৰাইজক আহ্বান জনায়। সভাত বৰপেটা লোকসভা সমষ্টিৰ এআইইউডিএফৰ মনোনীত প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলামে কয় যে, আগন্তুক নিৰ্বাচনত সমষ্টিটোৰ মিত্ৰ জোঁটৰ অগপৰ প্ৰাৰ্থী কুমাৰ দীপক দাস আৰু এআইইউডিএফৰ প্ৰাৰ্থী ড০ হাফিজ ৰফিকুল ইছলামৰ লগত মূল প্ৰতিদ্বন্দ্বিতা হ'ব।

বৰপেটাত কংগ্ৰেছ ফেক্টৰ হ'ব নোৱাৰে আনকি তেওঁতকৈ বহুত দূৰত থকা বুলিও তেওঁ দাবী উত্থাপন কৰে।

উক্ত সভাত বৰপেটা জিলা পৰিষদৰ প্ৰাক্তন সভাপতি জাকিৰ হুছেইনসহ ৭০ জনকৈ বিভিন্ন দলৰ নেতা-কৰ্মীয়ে আজি আনুষ্ঠানিকভাৱে এআইইউডিএফ দলত যোগদান কৰে।

সভাত প্ৰায় তিনি হাজাৰৰো অধিক পুৰুষ আৰু মহিলাই অংশগ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.