টেঙাগুৰি বজাৰত মোবাইল লুডুৰ লাখ লাখ টকাৰ অবৈধ জুৱাঃ আৰক্ষীৰ নিস্ক্ৰীয় ভূমিকা

 04/09/2019 - 17:15

মৰিগাওঁঃ বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ বলত যি সময়ত সমগ্ৰ বিশ্ব উন্নয়নৰ দিশত ধাৱমান হৈছে তেনে সময়তে দেখিবলৈ পোৱা গৈছে মৰিগাঁও জিলাৰ লাহৰীঘাটত প্ৰযুক্তিবিদ্যাৰ অপব্যৱহাৰ। 

লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত নৈ গৰাখহনীয়াগ্ৰস্ত অঞ্চল টেঙাগুৰি বজাৰৰ এখন হোটেলত অঞ্চলটোৰ কেইবাগৰাকী অসাধু ব্যক্তিয়ে ৪জি মোবাইলত উপলব্ধ লুডু খেলৰ জৰিয়তে দিনে নিশাই দম্ভালি মাৰি চলাই আহিছে লাখ লাখ টকাৰ জুৱা খেল। অসাধু ব্যক্তিয়ে হোটেল মালিকৰ লগত মিলি চলাই আহিছে এই লাখ লাখ টকাৰ অবৈধ লুডুৰ জুৱা খেল।

জানিব পৰা মতে সমাজৰ বহু মূধাফুটা ব্যক্তিয়েও এই অবৈধ লুডু জুৱাৰ খেলৰ পৰা ভেটি পায় চকুমুদা কুলিৰ ভাও জুৰি আছে। বিগত বহুদিন ধৰি চলি থকা এই অবৈধ লুডু জুৱা খেলৰ যোগেদি কম সময়তে আলাউদ্দিনৰ চাকিৰ দৰে ধনী হ’ব বিচৰা অঞ্চলটোৰ বহু অশিক্ষিত ব্যক্তিয়ে নিজৰ ভেটিৰ মাটি হেৰুৱাই সৰ্বস্বান্ত হ’ব লগা হৈছে।

উল্লেখ্য যে সম্প্ৰতি নৈ গৰাখহনীয়াগ্ৰস্ত অঞ্চলটোৰ বহু শিক্ষিত উদীয়মান যুৱকে এই অবৈধ লুডু জুৱাৰ প্ৰতি আকৰ্ষিত হোৱা পৰিলক্ষিত হৈছে। যি সমাজৰ বাবে এক অশুভ সংকেত। লাহৰীঘাট আৰক্ষীৰ নিস্ক্ৰীয় ভূমিকাৰ বাবেই অবৈধ লুডু জুৱা মাফিয়াই বজাৰখনত নিজৰ দপদপনি অব্যাহত ৰাখিছে বুলি সচেতন মহলত ব্যাপক চৰ্চা লাভ কৰিছে। বাতৰি সম্প্ৰচাৰৰ পিছত আৰক্ষীয়ে অবৈধ লুডু জুৱা মাফিয়াৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষ্যণীয় হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।