লক্ষ্য নিৰ্বাচন, কাইলৈ অসমলৈ মোদী

 02/07/2019 - 19:01

গুৱাহাটীঃ সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি একাধিক আঁচনিৰ শুভাৰম্ভ কৰিবলৈ কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীৰ এই আগমনক লৈ ব্যস্ত হৈ পৰিছে মহানগৰ প্ৰশাসন তথা আৰক্ষী।

বৰঝাৰ বিমানবন্দৰৰ লগতে সমগ্ৰ মহানগৰীতে আৰক্ষীয়ে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। আটকধুনীয়াকৈ সজাই তোলা হৈছে বিমানবন্দৰৰ ভি ভিআইপি গেট।

আনহাতে জালুকবাৰীতো নিৰাপত্তা ব্যৱস্থাৰ প্ৰতি বিশেষ লক্ষ্য ৰাখিছে মহানগৰ আৰক্ষীয়ে। প্ৰধানমন্ত্ৰীৰ আগমনৰ সময়ত যাতে কোনো সংগঠনে ক’লা পতাকা প্ৰদৰ্শন কৰিব নোৱাৰে তাৰ প্ৰতিও শেন দৃষ্টি ৰাখিছে জিলা প্ৰশাসনে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.