ৰঙাপৰাত এম জি ভি কে ভানুৰ বিশাল নিৰ্বাচনী প্ৰচাৰ

 04/09/2019 - 17:36

ৰঙাপৰা: ৰাজ্যত অহা ১১ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনতো ৰঙাপৰাত কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰ চলায়। কংগ্ৰেছৰ সমৰ্থনকসকলে নিৰ্বাচনী প্ৰচাৰ চলাই একপ্ৰকাৰ শক্তি প্ৰদৰ্শন কৰে। উল্লেখ্য যে, আজি শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ অসম চাহ মজদুৰ সংঘৰ কাৰ্যালয়ত তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী এম জি ভি কে ভানুয়ে এখন নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰে।

দিনৰ ১২ বজাত অসম চাহ মজদুৰ সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থকা ৰঙাপৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক ভীমানন্দ তাঁতীয়ে ভাষণ প্ৰসঙ্গত কয় যে, পৰিৰ্তন কৰাৰ নামত বিজেপি চৰকাৰখনে নিবনুৱা সমস্যা, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, চাহ শ্ৰমিকৰ সমস্যাসমূহ সমাধান কৰিব নোৱাৰিলে বুলি বিজেপি চৰকাৰখনক তীব্ৰ সমালোচনা কৰে।

লগতে ভীমানন্দ তাঁতীয়ে মালিক পক্ষৰ সৈতে গোপনে মিলি চৰকাৰ তথা শ্ৰমমন্ত্ৰী পল্লৱ লোচন দাসে চাহ শ্ৰমিক ৰাইজক দৈনিক মজুৰি বৃদ্ধি কৰাৰ পৰিৱৰ্তে চৰম প্ৰতাৰণা কৰা বুলি সভাত অভিযোগ তোলে। চাহ বাগিছাৰ চৰ্দাৰসকলৰ মাজত ম'বাইল বিতৰণ কৰি শ্ৰমিক আৰু চৰ্দাৰৰ মাজত বিজেপিয়ে সংঘাত সৃষ্টি কৰা আৰু জনজাতীয়কৰণ মৰ্যাদা দিয়াৰ নামত আজিলৈকে বিজেপিয়ে কেৱল ৰাজনীতি কৰি অহা বুলিও কটাক্ষ কৰে।

সভাত প্ৰাক্তন বিধায়ক ভীমানন্দ তাঁতীয়ে ৰঙাপৰাৰ ভোটাৰ ৰাইজক কংগ্ৰেছৰ প্ৰাৰ্থী এম জি ভি কে ভানুক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায়। চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধিৰ প্ৰসংগত কংগ্ৰেছ প্ৰাৰ্থী ভানুৱে ব'ৰ্ডে চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰিছিল যদিও মন্ত্ৰী পল্লৱ লোচন দাসে বাগিচাসমূহৰ পৰিচালকৰ লগত আলোচনা কৰি মজুৰি বৃদ্ধি বন্ধ কৰি ৰাখিছে বুলি এক গুৰুত্বৰ অভিযোগ তোলে।

চাহ বাগিচাৰ শ্ৰমিকৰ বিভিন্ন সা-সুবিধাসমূহো পল্লৱ লোচন দাসে বন্ধ কৰি ৰাখিছে বুলি কংগ্ৰেছ প্ৰাৰ্থী ভানুৱে উল্লেখ কৰে।

হিমন্ত বিশ্ব শৰ্মা তথা পল্লৱলোচন দাসে ভানুকলৈ কৰা মন্তৱ্যৰ প্ৰসংগত তেওঁ কয় যে, বৰ্তমান সময়ত ৰাজনীতি বহুত তললৈ নামি গৈছে। ইফাল ভানুয়ে প্ৰতিকূল বতৰ নেওচি মূৰত গামোচা মাৰি গাড়ীত উঠি এক নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.