'নৰ্থ ইষ্ট ছুপাৰষ্টাৰ ২০১৯'ৰ বিজয়ীসকলৰ সম্বৰ্ধনা অনুষ্ঠান

 04/09/2019 - 18:00

গুৱাহাটী: আজি গুৱাহাটী প্ৰেছ ক্লাবত 'আকৃতি ইভেণ্ট' কোম্পানীৰ উদ্যোগত এখন সংবাদমেল আয়োজন কৰা হয়। পোন প্ৰথমবাৰৰ বাবে গুৱাহাটী মহানগৰীৰ মাছখোৱা প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত 'আকৃতি ইভেণ্ট'চ এণ্ড চি অ'ৰ উদ্যোগত 'নৰ্থ ইষ্ট ছুপাৰষ্টাৰ ২০১৯' অনুষ্ঠিত কৰা হৈছিল।

সেই অনুষ্ঠানটোত মডেলিং শিতানত মিষ্টাৰ, মিচ, মিছেছ আৰু কিডছ'ৰ সংগীত আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল। উত্তৰ-পূৰ্বাঞ্চলৰ বহু সংখ্যক প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সাফল্য লাভ কৰিবলৈ সক্ষম হয়।

সেই অনুষ্ঠানটোত বিজয়ী প্ৰতিযোগীসকলক সম্বৰ্ধনা জ্ঞাপনৰ উদ্দেশ্যে আজি গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল আয়োজন কৰে উদ্যোক্তাসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।