ফ্লায়িং স্কোৱাডৰ অভিযানত মালিগাঁৱৰ পৰা উদ্ধাৰ ২০ লাখ টকা

 04/09/2019 - 18:30

গুৱাহাটীঃ লোকসভা নিৰ্বাচন সমাগত। এনে সময়তে ৰাজ্যৰ ঠায়ে ঠায়ে ফ্লায়িং স্কোৱাডে লক্ষ লক্ষ টকা জব্দ কৰাৰ খবৰ আহি আছে।

আজি পুনৰ মহানগৰীৰ মালিগাঁৱত উদ্ধাৰ হৈছে নগদ ধন। দুগৰাকী মহিলাৰ সৈতে দুজন পুৰুষ মহানগৰীৰ পৰা নগাঁও অভিমুখে গৈ থকা অৱস্থাত এখন স্কৰপিঅ’ গাড়ীৰ পৰা উদ্ধাৰ হয় ধনখিনি।

এছএছটি আৰু ফ্লায়িং স্কোৱাডৰ অভিযানত গাড়ীখনৰ পৰা জব্দ হয় ২০ লাখ টকা। স্কৰপিঅ’খনৰ নম্বৰ AS-02-W-5409।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।