নায়েৰ আলগা উন্নয়ন খণ্ডত চলিছে চৰম অৰাজকতা: বি ডি অ'ৰ হস্তক্ষেপ দাবী

 04/09/2019 - 19:06

ধুবুৰী: পশ্চিম অসমৰ ধুবুৰী জিলাত এম জি এনৰেগা আঁচনিৰ নামত চলিছে ব্যাপক দুৰ্নীতি। সম্প্ৰতি জিলাখনৰ প্ৰতিটো উন্নয়ন খণ্ডৰ কাৰ্যালয়ত এম জি এনৰেগা আঁচনি যেন কণী দিয়া হাঁহত পৰিণত হৈছে। নায়েৰ আলগা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত কৰ্তব্যৰত কৰ্মচাৰী একাংশৰ মাজত অব্যাহত থকা শেহতীয়া কাৰ্যকলাপে তাকেই যেন প্ৰমাণিত কৰিছে। ধন ঘটাৰ আহিলা হিচাপে পৰিগণিত হৈছে এম জি এনৰেগা আঁচনিখন।

পিয়নৰ পৰা আৰম্ভ কৰি বিষয়ালৈকে সকলোকে লাগে কমিচন। এম জি এনৰেগা আঁচনি চোৱাচিতা কৰাৰ দায়িত্ব অৰ্পণ কৰা কৰ্মচাৰীৰ মাজত কমিচনমুখী প্ৰৱণতা বৃদ্ধি পাইছে। এইক্ষেত্ৰত সকলো কৰ্মচাৰীৰ গাত দোষ জাপি দিয়াতোও যুক্তিসংগত নহয়। কিয়নো বহু কৰ্মচাৰীয়ে দুৰ্নীতিৰ বিৰুদ্ধে তদন্তৰ বাবে প্ৰস্তুত যদিও একমাত্ৰ মাতব্বৰৰূপী একাংশ দালালৰ বাবে সেইসকল সৎ নিষ্ঠাবান কৰ্মচাৰী এই ক্ষেত্ৰত আঁতৰি আহিবলৈ বাধ্য হৈছে।

কাৰ্যালয়ত মুৰব্বীৰ সোপাঢিলা নীতিৰ বাবে এনে অৰাজকতা সৃষ্টি হোৱা বুলি বহুতেই ক'বলৈ বাধ্য হৈছে। জানিব পৰা মতে, কাৰ্যালয়ত বৰ্তমান কামৰ খতিয়ান দিয়াৰ নামত যেনেকৈ চিণ্ডিকেটৰাজ, সেইদৰে ফাইল লৰচৰ কৰাৰ নামতো কৰ্মচাৰীৰ ভিতৰত কমিচনৰাজ চলাই আহিছে। ইয়াৰ উপৰি, সংশ্লিষ্ট উন্নয়ন খণ্ডৰ কাৰ্যালয়ত কৰ্ম সংস্কৃতিৰ পৰিপন্থী কৰ্ম কাণ্ডই চৰম অৰাজকতাৰ সৃষ্টি কৰিছে।

এক প্ৰকাৰ বৰ্তমান কাৰ্যালয়ত চলিছে গুৰু গোসাঁই নমনাৰ প্ৰতিযোগিতা। মুঠৰ ওপৰত নায়েৰ আলগা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত কৰ্তব্যৰত কৰ্মচাৰীৰ মাজত পৰিলক্ষিত হোৱা নাই কৰ্ম সংস্কৃতিৰ কোনো নমুনা। ধনৰ মোহত অন্ধ হৈ কোনে কাক হেয় প্ৰতিপন্ন কৰে তাৰেই যেন কোনো হিচাপ নাই।কাৰ্যালয়ত কৰ্তব্যৰত এ.ই ৰহমানৰ শেহতীয়া কৰ্ম কাণ্ডই তাকেই যেন প্ৰমাণিত কৰিছে।

বিশেষ সুত্ৰত পোৱা বাতৰি অনুসৰি, ৰহমানে নায়েৰ আলগা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত যোগদান কৰাৰ পিছৰ পৰাই কাৰ্যালয়টোত সংঘটিত হৈছে ন ন অপকাণ্ড। সৌ সিদিনা বিলাসীপাৰা মহকুমাধিপতিৰ কাৰ্যালয়ত কৰ্তব্যৰত এগৰাকী দণ্ডাধীশৰ নামত ধন বিচাৰি বিপদত পৰিছিল এ.ই ৰহমান। ফলত বিষয়টোক লৈ ধুৰন্ধৰ ৰহমানে বিলাসীপাৰা থানাৰ ৰোষত পৰি হাহাকাৰ কৰিবলগীয়া হৈছিল। নিজকে মহান প্ৰতিভাৰ অধিকাৰী বুলি ৰাইজৰ মাজত কৈ ফুৰি নিজৰ জেপ গধুৰ কৰাত নমা এইগৰাকী বিষয়াই নায়েৰ আলগা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত বৰ্তমান চলাই আহিছে চৰম অৰাজকতা।

ৰহমানে নিজকে কাৰ্যালয়টোৰ হৰ্তাকৰ্তা বিধাতাৰ ৰূপত অৱতীৰ্ণ হৈ হকে বিহকে কামৰ খতিয়ান দেখুৱাইছে। মন কৰিবলগীয়া যে, কেইমাহমান পূৰ্বে প্ৰাক্তন কাউঞ্চিলাৰ এগৰাকীৰ সৈতে নিজ ঘৰতেই কমিচন নাপাই অবাঞ্চিত কাণ্ড কৰাৰ চৰ্চা মাৰ নাযাওঁতেই এইবাৰ কমিচনৰ অংকত মুগ্ধ হৈ এইগৰাকী ৰহমানে কাৰ্যালয়ৰ একাউনটেণ্টৰ সৈতে অসভ্যালি কৰা কাৰ্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এইগৰাকী ৰহমানৰ শেহতীয়া কাৰ্যকলাপত অতিষ্ঠ হৈ পৰিছে সহজ সৰল কৰ্মচাৰীৰ লগতে বহু পি এম ৱাই হিতাধিকাৰীও।

এক কথাত ক'বলৈ গ'লে, এ.ই ৰহমানে যেন নায়েৰ আলগা উন্নয়ন খণ্ডৰ কাৰ্যালয়ক নিজৰ পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি আহিছে। দৰিদ্ৰ হিতাধিকাৰীৰপৰাও কমিচন ল'বলৈ নেৰে এইগৰাকী ৰহমানে।

উল্লেখযোগ্য যে, যোৱা সপ্তাহত এইগৰাকী ৰহমানে নায়েৰ আলগা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত কৰ্তব্যৰত এগৰাকী চিনিয়ৰ কৰ্মচাৰীৰ লগত অশালীন ব্যৱহাৰ কৰিছিল। অচিৰেই বি ডি অ'ই এইগৰাকী এ.ই ৰহমানৰ কামৰ খতিয়ান দাখিল কৰা কামত হস্তক্ষেপ কৰি নাকী লগাব নোৱাৰিলে যিকোনো মুহুৰ্তত কমিচনৰ অংকক লৈ কাৰ্যালয়ৰ ভিতৰত কুৰুক্ষেত্ৰৰ সৃষ্টি হোৱাৰ সম্ভাৱনা অধিক।

এই ক্ষেত্ৰত সংশ্লিষ্ট বিষয়াই কি পদক্ষেপ গ্ৰহণ কৰিব সেইয়া লক্ষণীয় হ'ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।