নৱ প্ৰজন্মৰ ভোটসমূহ পুলৱামা শ্বহীদৰ বাবে হ’ব উচৰ্গিতঃ মোডী

 04/09/2019 - 19:12

ডিজিটেল ডেস্কঃ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰধানমন্ত্ৰী ‌নৰেন্দ্ৰ‌ মোডীয়ে নৱ প্ৰজন্মক উদ্দেশ্য কৰি কয় তেওঁলোকৰ প্ৰথম ভোটটি পুলৱামাৰ শ্বহীদ জোৱান সকললৈ উচৰ্গিত কৰা হ'ব বুলি মন্তব্য কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহ এই কেইদিন ব্যস্ত হৈ আছে আগন্তুক লোকসভা নিৰ্বাচনী প্ৰচাৰৰ বাবে। মঙ্গলবাৰে নৰেন্দ্ৰ মোডীয়ে মহাৰাষ্ট্ৰৰ ৰেলীত অংশগ্ৰহণ কৰে।

ইয়াতে প্ৰধানমন্ত্ৰীয়ে নৱপ্ৰজন্মক উদ্দেশ্য কৰি কয় যে বৰ্তমানৰ নৱপ্ৰজন্ম ভৱিষ্যতে দেশৰ নাগৰিক। তেওঁলোকে ভৱিষ্যতত এখন সুন্দৰ ভাৰতবৰ্ষ নিৰ্মাণ কৰিব পাৰিব আৰু তাৰ বাবে প্ৰয়োজন এখন শক্তিশালী চৰকাৰৰ।

শেষত তেওঁ ২০১৪ চনৰ নিৰ্বাচনত বিজেপি চৰকাৰ কেন্দ্ৰত আনিবলৈ নৱপ্ৰজন্মই যথেষ্ট সহযোগিতা আগবঢ়োৱাৰ কথা স্বীকাৰ কৰি সকলো নৱ ভোটাৰক কৃতজ্ঞতা জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.