লাহৰীঘাটত ৰূপকৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে হিমন্তই

 04/09/2019 - 19:34

মৰিগাঁওঃ মৰিগাঁৱৰ লাহৰীঘাটত ১০ নং নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে পীযুষ হাজৰিকাই।

বিৰোধী দল কংগ্ৰেছক কঠোৰ সমালোচনা কৰাৰ লগতে নগাঁও লোকসভা সমষ্টিৰ পৰা দলটোৱে প্ৰতিদ্বন্দ্বীতা আগবঢ়োৱা প্ৰাৰ্থী প্ৰদুৎ বৰদলৈক তীব্ৰ সমালোচনা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।  

লোকসভা সমষ্টিটোৰ অন্তৰ্গত লাহৰীঘাটৰ কুশতলিত অনুষ্ঠিত গেৰুৱা দলটোৰ এখন নিৰ্বাচনী সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ প্ৰাৰ্থী প্ৰদুৎ বৰদলৈক পৰাজিত সৈনিক বুলি তুচ্ছ তাচ্ছিল্য কৰাৰ লগতে গৌৰৱ গগৈৰ গাতো ৰকিবুলৰ তেজ আছে বুলি কঠোৰ ভাষাৰে সমালোচনা কৰে।

উল্লেখ্য যে মন্ত্ৰীগৰাকীয়ে সাংবাদিকো নিৰ্দেশ দিয়ে আকৌ এবাৰ মোডী চৰকাৰ জয় গান গাবলৈ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।