লোকসভা নিৰ্বাচনৰ আগমুহুৰ্তত জাতীয়তাবাদৰ পুনৰ নিৰ্মাণ সমিতি, অসম'ৰ স্থিতি

 04/09/2019 - 20:01

গুৱাহাটী: নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত 'জাতীয়তাবাদৰ পুনৰ নিৰ্মাণ সমিতি,অসম'ৰ ফালৰ পৰা এইবাৰ লোকসভাত বিজেপিক আৰু বিজেপি দলৰ লগত জড়িত সমূহ দলক প্ৰতিহত কৰিবলৈ সমূহ অসমবাসীক আহ্বান জনায়। এই সন্দৰ্ভত আজি গুৱাহাটী প্ৰেছ ক্লাবত 'জাতীয়তাবাদৰ পুনৰ নিৰ্মাণ সমিতি, অসম'-এ এখন সংবাদমেল আয়োজন কৰে।

এই সংবাদমেলৰ জৰিয়তে সমিতিৰ সভাপতি ৰফিউল হুছেইন বৰুৱা আৰু সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই কয় যে- বিজেপি দল পুনৰ ক্ষমতালৈ আহিলে নাগৰিকত্ব আইনৰ সংশোধন ঘটাই অসমক সম্পূৰ্ণ ৰূপে হিন্দী ভাষী লোকৰ কল'নীত পৰিণত কৰিব।

ইতিমধ্যে অসমৰ বেছিভাগ চহৰ আৰু কিছু সংখ্যক গাঁৱত হিন্দী ভাষী কল'নী স্থাপন হৈছে। ইতিমধ্যে অসমত খিলঞ্জীয়া লোকসকল সংখ্যালঘূত পৰিণত হৈছে। বহিৰাগত দপদপনি, শোষণ, লুন্ঠনে, সীমা চেৰাই গৈছে।

যিবোৰ অঞ্চলত বহিৰাগত দপদপনি এতিয়াও চলা নাই সেই সকলে হয়তো এই কথাটো উপলব্ধি কৰিব নোৱাৰিব। অসমৰ কোনো খিলঞ্জীয়া মুছলমান আজমলৰ মতে নচলে।

আজমল আছিল পুঁজিপতিৰ এজন এজেন্ট। অসমত হিন্দু-মুছলমানৰ ৰাজনীতি প্ৰতিষ্ঠা কৰাটো আজমলৰ প্ৰধান উদ্দেশ্য। অসমত হিন্দু মুছলমানৰ ৰাজনীতি পূৰ্বে কেতিয়াও চলা নাছিল আৰু ভৱিষ্যতেও নচলিব।

বাহিৰৰ পৰা অহা সকলেহে এনেদৰে অসমৰ বতাহ পানী ঘোলা কৰিছে। বিজেপি দলটোৱে বিগত সময়ছোৱাত অসমৰ পৰম্পৰাগত ঐতিহাসিক ধৰ্মনিৰপেক্ষতা , সংস্কৃতি আৰু সমাজ ব্যৱস্থাৰ বহু পৰিবৰ্তন ঘটাইছে।

বিজেপি দল পুনৰ ক্ষমতালৈ আহিলে অসমীয়া জাতি চিৰদিনৰ বাবে লুপ্ত হ’ব বুলি সংবাদমেলৰ জৰিয়তে জাতীয়তাবাদৰ পুনৰ নিৰ্মাণ সমিতি,অসম-এ প্ৰকাশ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।