গৰৈমাৰীত অনুষ্ঠিত ববিতা শৰ্মাৰ নিৰ্বাচনী সভা

 04/09/2019 - 20:16

গুৱাহাটীঃ লোকসভা নিৰ্বাচনলৈ মাজত মাথো কেইটিমান দিন বাকী। ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰৰ তৎপৰতা এইকেইদিন যথেষ্ট বৃদ্ধি পাইছে।

আজি গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ গ্ৰাৰ্থী ববিতা শৰ্মাৰ নিৰ্বাচনী সভা গৰৈমাৰীত অনুষ্ঠিত হয়৷

এই সভাত বিজেপিৰ ভাৰতীয় যুৱ মৰ্চাৰ নেতা ছাহজামাল হক, এজিপি নেতা আমিৰ আলী, মৈজুদ্দিন আহমেদ, টিএমচি নেতা হাচেম আলীসহ শতাধিক লোকে কংগ্ৰেছত যোগদান কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।