বিপিএফ এখন ডুবন্ত নাওঁঃ ইউ জি ব্ৰহ্ম

 04/09/2019 - 20:31

তামুলপুৰঃ বিপিএফ এখন ডুবন্ত নাও। বিজেপিয়ে বিপিএফৰ ডুবন্ত নাওত ভৰি দি ডাঙৰ ভুল কৰিলে--এই ভাষ্য ৫নং কোকৰাঝাৰ লোকসভাৰ এবছু, এন ডি এফ বি(প্ৰ) ৰ সমৰ্থিত প্ৰাৰ্থী ইউ জি ব্ৰহ্মৰ।

আজি তামুলপুৰ মহকুমাৰ কুমাৰীকাটাত দৰঙাজুলী ইউপিপিএলৰ উদ্যোগত অনুষ্ঠিত এক বিশাল নিৰ্বাচনীত সভাত অংশ গ্ৰহণ কৰি তেওঁ কয় বিপিএফৰ লগত মিত্ৰতা কৰিয়েই কংগ্ৰেছে বিটিচিত শেষ হৈ গ'ল। তেওঁলোকৰ ভেটি উছন হৈ গ'ল।

বিটিচি আজি দুৰ্নীতিমুক্ত নহয়, আজি ভেঞ্চাৰ স্কুল, কলেজ প্ৰাদেশীকৰণ কৰা হোৱা নাই। কিছুমান ৰাস্তা ঘাটৰ উন্নতি হৈছে যদিও যথেষ্ট হোৱা নাই। বিপিএফৰ কিছুমান ডাঙৰ নেতা ডাঙৰ হৈ গ'ল। আজি বিপিএফৰ নেতৃত্বত অবৈধ, শিল বালিৰ মহল (কুৱেৰী)চলি আছে। সেয়ে বিপিএফৰ প্ৰতি ৰাইজৰ মোহ ভংগ হৈছে আৰু ইউপিপিএলৰ প্ৰতি ৰাইজ ধাৱমান হৈছে। সেয়ে এইবাৰ কোকৰাঝাৰ লোকসভাত আমি বিপুল ভোটত জিকাটো খাটাং বুলিও সদৰী কৰে তেওঁ।

ভাষণ প্ৰসংগত তেওঁ কয় শব্দৰাম ৰাভাৰ লগত আজি কোনো লগ নাই। বিটিচি চুক্তি বাতিল আৰু গাঁও কৰ্তন কৰিম বুলি নৱ শৰণীয়া যোৱাবাৰ সাংসদ হৈছিল। আজি নৱ শৰণীয়াৰ কথাত কোনো ভোল নাযায়। যোৱাবাৰ নিৰ্বাচনত মুছলিম, বাঙালী সকলে নৱ শৰণীয়াক সম্পূৰ্ণ সহায় সহযোগ কৰিছিল যদিও আজি তেওঁলোকে সংগ এৰিলে। এআইইউডিএফে ইউপিপিএলক ইতিমধ্যে পূৰ্ণ সমৰ্থন আগবঢ়াইছে।

কোকৰাঝাৰত তেওঁলোকে আমাক সমৰ্থন কৰিছে আৰু আমিও বৰপেটা আৰু ধুবুৰীত তেওঁলোকক সমৰ্থন কৰিছো। গতিকে নৱ শৰণীয়া জিকাৰ কোনো অংক নাই বুলিও তেওঁ দাবী কৰে। হাগ্ৰামাই নৱ শৰণীয়াৰ বড়ো-অবড়োৰ ৰাজনীতিৰ কৌশল শিকি ল'লে। তেওঁ অবড়ো গাঁৱত গ'লে বড়োলেণ্ড নহ'ব বুলি কয় আৰু বড়ো গাঁৱত গ'লে বুকু ফিন্দাই কয় বড়োলেণ্ড আনিব লাগিলে মইহে আনিব লাগিব।

বাক্সা জিলা এবছুৰ সম্পাদক জলেন দৈমাৰীয়ে আঁত ধৰা সভাখনত তেওঁ দাবী কৰে যে নৰেন্দ্ৰ মোডী, ৰাহুল গান্ধীয়ে আমাৰ শান্তি আনিব নোৱাৰে। শান্তি আনিব লাগিলে আমি ঐক্যবদ্ধ প্ৰচেষ্টাৰে শান্তি আনিব লাগিব আলোচনাৰ মাধ্যমেৰে।

প্ৰতিকূল বতৰকো নেওচি প্ৰায় দুই সহস্ৰাধিক লোকে অংশ গ্ৰহণ কৰা সভাখনত এবছুৰ কেন্দ্ৰীয় উপ-সভাপতি দ্বীপেন বড়ো, ইউ পি পিএলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বাণীকান্ত বসুমতাৰী, তামুলপুৰ জিলা ইউপিপিএলৰ সভাপতি বিপুল বসুমতাৰী, ইউপিপিএলৰ কেন্দ্ৰীয় উপ সভাপতি মনোজ গয়াৰী, দলটোৰ কেন্দ্ৰীয় নেতা হজৰত আলী, শৈলেন বসুমতাৰী আদি নেতা সকলো উপস্থিত থাকে। আজিৰ সভাত বিজেপি, বিপিএফ, অবড়োকে ধৰি প্ৰায় ১০০জন পুৰুষ- মহিলাই ইউপিএলত যোগদান কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।