দুৰ্গোৎসৱৰ আনন্দ উল্লাসৰ জৱনিকা

 10/08/2019 - 18:19

ঢকুৱাখনাঃ মঙলবাৰে পবিত্ৰ বিজয়া দশমী।

ঢকুৱাখনাৰ মৰনৈ বেবেজীয়াৰ ব্যৱসায়ী সন্থাই মঙলবাৰে বিজয়া দশমী দিনা পূজাস্থলীৰ পৰা শ শ শাক্ত ভকতসকলে প্ৰায় ৫ কিলোমিটাৰো অধিক দূৰ মূৰ্তি বিসৰ্জনৰ কাৰণে শোভাযাত্ৰা উলিয়াই। উখল মাখল পৰিৱেশত সকলোৱে আবুৰৰ ৰং সানি মাংগলিক ৰীতি নীতিৰে ভীমপৰা অঞ্চলত কঢ়া নৈত মা দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়ে।

অন্যহাতে বিজয়া দশমী উপলক্ষে ওভটা চামপৰাৰ চৃঃচাং অপেৰঃ সৌজন্যত এখনি প্ৰাইজমানি ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।