নিশাৰ মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা:এজন নিহত

 04/10/2019 - 11:39

গুৱাহাটী: নিশাৰ মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। শৰাইঘাটৰ নতুন দলঙত ট্ৰাকে মহতিয়াই নিলে এজন লোকক। থিতাতে নিহত হয় লোকজন। বৰ্তমানলৈ চিনাক্ত হোৱা নাই লোকজনৰ পৰিচয়। ইফালে ঘটনাৰ খবৰ দিয়াৰ পিছতো বহু সময় পলমকৈ উপস্থিত হয় জালুকবাৰী যান-বাহন আৰক্ষী।

 মৃত লোকজন খোজকাঢ়ি আহি থকাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশ লোকে। জালুকবাৰীৰ দিশৰ পৰা আমিনগাঁও অভিমুখে যোৱা দ্ৰুতবেগী ট্ৰাকখনে ML05 M  6696 নম্বৰৰ চাৰিচকীয়া বাহনখনকো খুন্দিয়াই ক্ষতিগ্ৰস্ত কৰে। নিশাই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া। 

উল্লেখ্য যে, শৰাইঘাটৰ পুৰণি দলঙখনৰ মেৰামতিৰ কাম চলি থকাৰ বাবে সম্প্ৰতি নতুন দলঙৰ ওপৰেৰে দুয়ো দিশৰ যাতায়ত অব্যাহত আছে। দুৰ্ঘটনা সংগঠিত কৰি পলায়ন কৰে ট্ৰাকখন।

 আৰক্ষীৰ উচ্চ পদস্থ বিষয়া উপস্থিত হোৱাৰ প্ৰায় এঘণ্টা পিছতহে উপস্থিত হয় যান-বাহন আৰক্ষী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।