প্ৰাক্তন বিধায়ক দ্ৰুপদ বৰগোহাঁইৰ দেহাৱসান

 04/10/2019 - 12:01

ডিজিটেল ডেস্ক: ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ নেতা তথা প্ৰাক্তন সাংসদ আৰু প্ৰাক্তন বিধায়ক দ্ৰুপদ বৰগোহাঁইৰ আজি পুৱা ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিংহোমত মৃত্যু হয়। বৰগোহাঁই দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল। মৃত্যুৰ সময়ত জ্যেষ্ঠ ৰাজনীতিবিদগৰাকীৰ বয়স আছিল ৭৮ বছৰ।

উল্লেখ্য যে, ৰাজনৈতিক ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াই আহিছিল জ্যেষ্ঠ নেতাগৰাকীয়ে। বৰগোহাঁইয়ে ২০০৬ৰ পৰা ২০১১ চনলৈ নাজিৰাৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ঠিক তেনেদৰে ১৯৯৮ৰ পৰা ২০০৪ চনলৈ ৰাজ্যসভাৰ সাংসদ আছিল বৰগোহাঁই।

তেখেতৰ বিয়োগত ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ ডিব্ৰুগড় জিলা সমিতিৰ হৈ ৰাতুল গগৈ আৰু ভাৰতীয় গণনাট্য সংঘৰ অসম ৰাজ্যিক সমিতিৰ কাৰ্যকৰী সভাপতি শৰৎ চন্দ্ৰ নেওঁগে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

আজি শিৱসাগৰৰ দলীয় কাৰ্যালয়ত শেষ শ্ৰদ্ধা জনোৱা হ’‍ব ৰাজনীতিবিদগৰাকীক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।