বাহাৰঘাটঃ বৃহস্পতিবাৰে দিনৰ ভাগত নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত পূৰ্নদৈচপৰা গাঁৱৰ খগেন লহকৰ নামৰ এজন মদ্যপায়ী লোকক স্থানীয় একাংশ মহিলাই কাণত ধৰাই চেন্দেলৰ মালা পিন্ধাই অঞ্চল পৰিভ্ৰমণ কৰা কাৰ্যত ৰাইজে ভুয়সী প্ৰসংসা কৰিছে৷
জানিব পৰামতে প্ৰতিদিনে মাদক দ্ৰৱ্য সেৱন কৰি মাতাল হৈ থকা লোকজনে বুধবাৰে নিশা প্ৰায় বাৰমান বজাত চুবুৰীয়া উমেশ লহকৰ আৰু পূৰৱী লহকৰৰ পদুলীত অশ্লীল গালি গালাজ কৰি পৰিয়ালটোক অতিষ্ঠ কৰি তুলিছিল৷ এনেকৈ ৰাতিটো পাৰ হোৱাৰ পিছত বৃহস্পতিবাৰে পুৱা তেওঁলোকৰ দুই সন্তানে বিদ্যালয়লৈ যোৱা অৱস্থাত মদাহীজনে তেওঁলোকক মাৰধৰ কৰে৷
ইমানেই নহয় তেওঁৰ মাৰধৰ কাৰ্যত বাধা প্ৰদান কৰোতে সন্তানদ্বয়ৰ পিতৃ মাতৃ উমেশ লহকৰ আৰু পুৰৱী লহকৰকো মাৰধৰ কৰে৷ অৱশেষত অতিষ্ঠ হৈ স্থানীয় জাগৰণ গ্ৰাম্য সংগঠনৰ মহিলাসকল ওলাই আহি মদাহী খগেনক আটক কৰে আৰু চেন্দেলৰ মালা পিন্ধাই কপালত চুনৰ ফোট দি বাহাৰঘাট হৈ দেহাৰকুছি, কিচমত আৰু পূৰ্নদৈচপৰা গাঁৱৰ পথত বিভিন্ন প্ৰতিবাদী সমদলৰে শোভাযাত্ৰা কৰি পৰিৱেশ উত্তাল কৰি তোলে৷
অৱশেষত ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰমল্ল পাটোৱাৰীৰ নেতৃত্বত অহা আৰক্ষী দলে মদাহীজনক আৰক্ষী থানালৈ লৈ যায়৷ এইক্ষেত্ৰত পৰৱৰ্তীসময়ত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেইটোহে লক্ষ্যনীয় হ’ব৷