দৈনিক ১ নিযুত একাউন্ট ব্লক কৰিছে ফেচবুক কর্তৃপক্ষই

 04/10/2019 - 12:49

ডিজিটেল ডেস্কঃ লােকসভা নির্বাচনৰ প্রাকমুহূর্তত কৃত্রিম বুদ্ধিমত্তা আৰু মেচিন লার্নিঙৰ সহায়ত দৈনিক ১ নিযুত একাউন্ট ব্লক কৰিছে অথবা আঁতৰাইছে ফেচবুক কর্তৃপক্ষই।

এনে আপত্তিজনক একাউণ্টৰ জৰিয়তে যাতে নির্বাচনত কোনােধৰণৰ প্ৰভাৱ নপৰে সেয়া নিশ্চিত কৰাৰ বাবেই ফেচবুক প্রতিষ্ঠানটোৱে এনে পদক্ষেপ গ্রহণ কৰা বুলি জনাইছে ফেচবুক ইণ্ডিয়াৰ পৰিচালন সঞ্চালক তথা উপাধ্যক্ষ অজিত মােহনে।

তেওঁ কয় যে ভাৰতৰ লগতে অন্য দেশতাে নির্বাচন স্বচ্ছ আৰু নিকা কৰাৰ ক্ষেত্ৰত ফেচবুক আৰু ইয়াৰ সহযােগী এপ্লিকেচনসমূহে প্রয়াস চলাই আহিছে। উল্লেখ্য যে ইতিমধ্যে লােকসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি ফেচবুকে ছিংগাপুৰ আৰু ডাবলিনত বিশেষ কেন্দ্র গঠন কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।