বৰপেটাৰোডত কোকৰাঝাৰৰ কংগ্ৰেছ প্ৰাৰ্থী শব্দ ৰাভাঃ সংখ্যালঘু ৰাইজে ভোট নিদিয়ে ইউ জি ব্ৰহ্মক

 04/10/2019 - 13:44

বৰপেটাৰোড: ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলে ন ন কৌশল অৱলম্বন কৰিছে। ৰাজনৈতিক দলসমূহে ভোটাৰৰ মন জয়ৰ অপ্ৰাণ চেষ্টা চলোৱাৰ মাজতে কোকৰাঝাৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শব্দ ৰাভাই আজি ৰাজ্যিক বিজেপিৰ সভাপতি ৰনজিৎ কুমাৰ দাসৰ গৃহ চহৰ বৰপেটা ৰোডত এক নিৰ্বাচনী দলীয় সভাত অংশগ্ৰহণ কৰে৷

বৰপেটা ৰোডৰ ৰাজীৱ ভৱনত অনুষ্ঠিত নিৰ্বাচনী সভাখনত অংশগ্ৰহণ কৰি বিজেপি মিত্ৰজোঁটক তীব্ৰ সমালোচনা কৰে ৰাভাই। সাম্প্ৰদায়িক বিজেপি-অগপ-বিপিএফ মিত্ৰজোঁটৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হোৱা বুলি কৈ এইবাৰৰ নিৰ্বাচনত ৰাইজে সাম্প্ৰদায়িক শক্তিক পৰাভূত কৰিব বুলি তেওঁ মন্তব্য আগবঢ়ায়। লগতে তেওঁৰ সমষ্টিটোত এইবাৰ মূল ইছ্যু হ'ব বিটিচি চুক্তিৰ পুনৰীক্ষণৰ দাবী বুলিও তেওঁ উল্লেখ কৰে৷

বিটিচি চুক্তি আৰু ষষ্ঠ অনুসূচীৰ সংশোধনী আইনৰ জৰিয়তে বিটিএডিৰ ৭৫% অবড়োলোকৰ ভূমি, ভাষা আদি সাংবিধানিক অধিকাৰ খৰ্ব হোৱা এই আইনৰ পুনৰীক্ষণৰ জৰিয়তে বিটিএডিত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছে বুলি তেওঁ উল্লেখ কৰে। অ-বড়ো সুৰক্ষা সমিতিৰ সমৰ্থনত নিৰ্বাচনত অৱতীৰ্ণ হোৱা শব্দ ৰাভাৰ মতে, এইবাৰৰ নিৰ্বাচনত যোৱাবাৰৰ সাংসদ নৱ শৰণীয়া চতুৰ্থ স্থানত থাকিব বুলিও ভৱিষ্যত বাণী কৰে।

লগতে তেওঁ কোকৰাঝাৰ সমষ্টিত তেওঁৰ মূল প্ৰতিদ্বন্দ্বী হ'ব ইউপিপিএলৰ প্ৰাৰ্থী উখ্ৰাও গৌৰা ব্ৰহ্ম আৰু বিজেপি,অগপ আৰু বিপিএফৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্ম তৃতীয় স্থানত থাকিব বুলি কয়। আনহাতে, তেওঁ বিটিচি অঞ্চলত বসবাস কৰা ৫০ শতাংশতকৈ বেছি অবড়ো লোকৰ গাওঁসমুহ বিটিচিৰ পৰা কৰ্তন আৰু বিটিচি চুক্তিৰ পুনৰীক্ষনৰ বাবে ভোটাৰক দিয়া প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হোৱা বাবেই এইবাৰৰ নিৰ্বাচনত নৱ শৰণীয়া ধৰাশায়ী হ'ব বুলিও ব্যক্ত কৰে৷

ইপিনে উখ্ৰাও গৌৰা ব্ৰহ্মক এআইইউডিএফে সমৰ্থন আগবঢ়ালেও বিটিএডিৰ সংখ্যালঘু ভোটাৰে তেখেতক ভোট নিদিয়ে বুলিও উল্লেখ কৰে৷ ইউপিপিএলে পৃথক বড়োলেণ্ডৰ দাবীৰে আন্দোলন চলাই থকাৰ পিচত বিটিএডিৰ কোনো সংখ্যালঘু ভোটাৰেই ইউ জি ব্ৰহ্মক সমৰ্থন নজনায় বুলি তেওঁ দাবী কৰে ৷

শতাধিক দলীয় নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰা সভাখনত কংগ্ৰেছ নেতা বিশ্বজিৎ ৰয়, শান্তনু শৰ্মা আদি নেতাসকল উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।