হাগ্ৰামাই বলিৰ পঠা সজাইছে প্ৰমীলা ৰাণীকঃ নৱ শৰণীয়া

 04/10/2019 - 13:54

পাঠশালাঃ হাগ্ৰামাই বলিৰ পঠা সজাইছে প্ৰমীলা ৰাণী ব্ৰহ্মক- এই মন্তব্য নিৰ্দলীয় প্ৰাৰ্থী নৱ শৰণীয়াৰ।

পাঠশালাত নিৰ্দলীয় প্ৰাৰ্থী নৱ শৰনীয়াই বিপিএফ দলৰ পৰা প্ৰতিনিধিত্ব কৰা প্ৰমীলা ৰাণী ব্ৰহ্মক আক্ৰমনৰ লক্ষ্য কৰি এই মন্তব্য কৰে।

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ১১ এপ্ৰিলত অনুষ্ঠিত হ’ব। বিটিছি-ৰ মুৰব্বী হাগ্ৰামা মহিলাৰীকো সমালোচনা কৰে শৰণীয়াই। প্ৰমীলাৰ এয়াই নিৰ্বাচনৰ শেষ কাল বুলিও পাঠশালাত মন্তব্য কৰে নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে।

আনকি প্ৰমোদ বড়োকো সমালোচনা কৰিবলৈ নেৰিলে শৰনীয়াই। প্ৰমোদ বড়োৱে অসমৰ বিপ্লৱী সত্ত্বাক অপমান কৰিছে বুলি তেওঁ কয়। বড়ো ভোটৰ স্বাৰ্থত ইউজি ব্ৰহ্মক সমৰ্থন কৰিছে বুলি কয় নৱ শৰণীয়াই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।