অৱশেষত কংগ্ৰেছলৈ ভানু, সমষ্টি হ'ব তেজপুৰ

 02/07/2019 - 19:21

গুৱাহাটীঃ কংগ্ৰেছত যোগ দিব অসমৰ এগৰাকী দক্ষ আৰু অতিকৈ প্ৰভাৱশালী প্ৰশাসক হিচাপে পৰিচিত সদ্য অৱসৰপ্ৰাপ্ত শীৰ্ষ আইএএছ বিষয়া এম জি ভি কে ভানু। দীৰ্ঘদিনৰ জল্পনা-কল্পনাৰ অন্তত অৱশেষত এই কথা প্ৰায় নিশ্চিত হৈ পৰিছে।

উল্লেখ্য যে, তৰুণ গগৈৰ ১৫ বছৰীয়া শাসনকালত আয়ুক্ত সচিব তথা প্ৰধান সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰা ভানু পিছলৈ পাছত অতিৰিক্ত মুখ্যসচিব পদলৈ পদোন্নতি লাভ কৰে। গগৈৰ শেষৰটো কাৰ্যকালত ৰাজনৈতিক হেঁচাৰ সন্মুখীন হৈ অসমৰ পৰা ডেপুটেশ্যনত যাবলৈ বাধ্য হৈ পৰে ভানু।

২০১৬চনত বিজেপি ক্ষমতালৈ অহাৰ পাছতেই গ্ৰামোন্নয়ন, মহানগৰ উন্নয়ন বিভাগৰ মুখ্য সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অৱস্থাতে বিগত বৰ্ষৰ নবেম্বৰ মাহত তেওঁ অৱসৰ গ্ৰহণ কৰে।

তেজপুৰৰ সৈতে অতি ওচৰ সম্পৰ্ক থকা ভানুৱে অৱসৰৰ পিছতে তাতেই স্থায়ীভাৱে বাস কৰিবলৈ লয়। সেই সূত্ৰে তেজপুৰ লোকসভা সমষ্টিৰ পৰাই সমাগত লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ সম্ভাৱনা আছে প্ৰাক্তন বিষয়াগৰাকী। অৱশ্যে এই সন্দৰ্ভত বৰ্তমানলৈকে কংগ্ৰেছ দলৰ লগতে তেওঁ নিজেও কোনো কথা সদৰী কৰা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।