মেগাচিটি নিৰ্মাণ কৰিব মুকেশ আম্বানীয়ে !

 04/10/2019 - 14:36

মুম্বাইঃ ভাৰতত চহৰ নিৰ্মাণৰ ধাৰণাটো সম্পূৰ্ণৰূপে সলনি কৰি মুম্বাইত এখন মেগাচিটি স্থাপনৰ ব্লুপ্রিন্ট প্রস্তুত কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ মুৰব্বী মুকেশ আম্বানীয়ে।

এই চহৰখন 'প্রজেক্টছ উইদিন এ প্রজেক্ট' ধাৰণাৰ আহিত স্থাপন কৰা হ'ব। য'ত প্ৰতিটো অংশই একোটা প্রকল্প হিচাপে ধার্য কৰা হ'ব। ছিংগাপুৰৰ আৰ্হিত স্থাপন কৰিবলগীয়া এই মেগাচিটিখনত থাকিব বিমান বন্দৰ, বন্দৰ আৰু সাগৰেৰে সংযােগ।

নির্মাণ সম্পূর্ণ হােৱাৰ পিচত এই চহৰখনত প্রায় ৫০ লাখ লােকে বাস কৰাৰ লগতে যথেষ্টসংখ্যক বাণিজ্যিক প্রতিষ্ঠানেও স্থান লাভ কৰিব। অহা ১০ বছৰৰ ভিতৰত এই প্রকল্পৰ নামত প্রায় ৭৫ বিলিয়ন ডলাৰ বিনিয়ােগৰ সম্ভাৱনা আছে।

বিশ্লেষকসকলৰ মতে এই চহৰখনে নগৰাঞ্চলৰ আন্তঃগাঁথনিৰ সমগ্ৰ ধাৰাটোৱেই সলনি কৰাৰ সম্ভাৱনা আছে। এই চহৰ নিৰ্মাণ হােৱাৰ পিচত সমগ্র মুম্বাইখনেই সলনি হৈ পৰাৰ সম্ভাৱনা আছে। কিন্তু নির্মীয়মান এই চহৰত মুম্বাইৰ তুলনাত সম্পত্তি মূল্য কম হ'ব।

যাৰফলত যথেষ্টসংখ্যক বিনিয়ােগকাৰীয়ে ইয়াত বিনিয়ােগৰ বাবে আগ্রহ প্ৰকাশ কৰিব বুলি আশা প্রকাশ কৰা হৈছে। এই প্রকল্প নির্মাণ কৰাৰ লগতে ইয়াৰ প্ৰশাসনৰ দিশটোও পৰিচালনা কৰিব ৰিলায়েন্সে নিজে। ইয়াৰ বাবে থাকিব বিশেষ প্লেনিং অথ’ৰিটি।

উল্লেখ্য যে ৰিলায়েন্সৰ প্ৰতিষ্ঠাপক ধীৰুভাই আম্বানীয়ে নৱী মুম্বাইত এখন বিশ্বমানৰ চহৰ স্থাপনৰ পৰিকল্পনা কৰিছিল। কিন্তু তেওঁৰ আশা সম্পূর্ণ নহ'ল যদিও এতিয়া সেই পৰিকল্পনাকেই বাস্তৱ ৰূপ দিবলৈ ওলাইছে পুত্র মুকেশ আম্বানীয়ে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।