হাজিৰহাটত এম জি এনৰেগা আচঁনিৰ কোটি টকাৰ কামকলৈ ৰাইজৰ মাজত চলিছে ব্যাপক প্ৰতিক্ৰিয়া

 04/10/2019 - 14:53

দক্ষিণ শালমাৰা মানকাচৰ: দক্ষিণ শালমাৰা মানকাচৰ জিলা সদৰ হাটশিঙিমাৰীৰ পৰা প্ৰায় ১০ কিঃমিঃ নিলগত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া নৈপৰীয়া বানপীড়িত অঞ্চল হাজিৰহাটত ২০১৮-১৯ বিত্তীয় বৰ্ষৰ এম জি এনৰেগা আচঁনিৰ এগ্ৰিল বান্ধ আৰু নদী সুৰক্ষাৰ বাবে বাঁহৰ বাণ্ডালৰ প্ৰায় এক কোটি টকাৰ কামকলৈ এমাহ ধৰি ৰাইজৰ মাজত চলিছে ব্যাপক প্ৰতিক্ৰিয়া।

উল্লেখ্য যে, ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বানপীড়িত নৈপৰীয়া অঞ্চল হাজিৰহাটৰ কেইবাটাও গুৰুত্বপূৰ্ণ চৰকাৰী প্ৰতিষ্ঠান ক্ৰমে প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, স্কুল, কলেজ, গাওঁ পঞ্চায়ত, সমবায় সমিতিৰ কাৰ্যালয়, বজাৰ, মছজিদ, কবৰস্হান আৰু বহুতো কৃষি ভূমিৰ লগতে হেজাৰ হেজাৰ মানুহৰ বাসগৃহ ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হোৱাৰ পৰিপ্ৰেক্ষিতত উক্ত অঞ্চলৰ কিছুমান সচেতন ৰাইজে প্ৰতিনিধি আৰু বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ অব্যাহত ৰখাৰ শেহতীয়াকৈ চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ তথা এম জি এনৰেগা আচঁনিৰ অধীনত ৫০ লাখ টকা ব্যয় সাপেক্ষে এগ্ৰিল বান্ধ আৰু নদী সুৰক্ষাৰ বাবে বাঁহৰ বাণ্ডালৰ কামৰ বাবে ৪০ লাখ টকা অনুমোদন দিছে চৰকাৰে।

কিন্তু উক্ত অঞ্চলৰ আশাফুল ইছলামসহ সমাজৰ এক শ্ৰেণীৰ মানুহে চলি থকা কাম দুটাৰ অনিয়ম অনুভৱ কৰি তদন্তৰ বাবে প্ৰশাসনক অভিযোগ দিয়াত এমাহ ধৰি অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনহাতে, উক্ত শ্ৰেণীৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত সেই অঞ্চলৰ প্ৰায় দুই শতাধিক সচেতন ৰাইজে জিলা উপায়ুক্তক লিখিতভাৱে অৱগত কৰায় যে, ফেকামাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত হাজিৰহাট গাওঁ পঞ্চায়তৰ অধীনত চলি থকা কাম দুটা সঠিকভাৱে চলি আছে আৰু কাম দুটা চলি থকাত কোনো অনিয়ম হোৱা নাই।

কামটো যাতে সঠিকভাৱে সম্পূৰ্ণ হয় আমি সমাজৰ সচেতন ৰাইজে কামটোৰ প্ৰতি চোকা দৃষ্টি ৰাখিছোঁ আৰু লগতে পঞ্চায়তৰ কোনো কৰ্মচাৰী নতুবা কোনো প্ৰতিনিধি নোহোৱা স্বত্তেও উক্ত অঞ্চলৰ বিজেপি নেতা মহুজল হকৰ ওপৰত পৰিকল্পিতভাৱে বালি মাফিয়া, ধন আত্মসাৎ কৰা আদি বিভিন্ন ধৰণৰ অভিযোগ সম্পূৰ্ণৰূপে মিছা বুলি প্ৰায় দুই শতাধিক সচেতন ৰাইজে জিলা উপায়ুক্তক জনায়। 

মন কৰিবলগীয়া যে, এনেকুৱা মিছা অভিযোগ তুলি কামটোত বেমেজালি সৃষ্টি কৰাৰ ফলত কামটো লেহেম গতিত সম্পূৰ্ণ হ'লে অনতিপলমে অহা প্ৰবল বানপানীয়ে উক্ত হাজিৰহাট অঞ্চল ব্ৰহ্মপুত্ৰৰ গড়াখহনীয়াই বিলীন কৰাটো নিশ্চিত।

যাৰ ফলত বহুতো গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান, কৃষি ভূমি আৰু বাসগৃহ হেৰুৱাব লগা হ'ব পাৰে উক্ত অঞ্চলবাসী ৰাইজে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।