হাটশিঙিমাৰীত নিৰ্বাচনী কাৰ্যালয় উদ্বোধন আবু তাহেৰ বেপাৰীৰ

 04/10/2019 - 15:08

দক্ষিণ শালমাৰা মানকাচৰ: হাটশিঙিমাৰীত ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰী আৰু মানকাচৰ সমষ্টিৰ বিধায়ক ডঃ মতিউৰ ৰহমান মণ্ডলে আজি এক সংবাদমেল সম্বোধন কৰে।

আজি পুৱা ৯ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলা কংগ্ৰেছৰ ৰাজীৱ ভৱনত হোৱা সংবাদমেলত বিৰোধী পাৰ্টিক সমালোচনা কৰাৰ লগতে বিশ্বনাথৰ ঘটনাটোক লৈ দুখ প্ৰকাশ কৰে।

লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলা সদৰ হাটশিঙিমাৰীত এটা নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰে বিধায়কগৰাকীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।