বৰপেটাত নুৰভানু বেগম সোঁৱৰণী প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা

 10/14/2019 - 12:59

বৰপেটাঃ আভা স্পৰ্টচ এণ্ড এডুকেশ্বনেল ফাউণ্ডেচনৰ উদ্যোগত নুৰভানু বেগম সোঁৱৰণী প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ দেওবাৰে অন্ত পৰে। উত্তৰ বৰপেটা হাইস্কুল খেল পথাৰত দেওবাৰে বিয়লি ৪ বজাত অনুষ্ঠিত চুড়ান্ত খেলখন শুভাৰম্ভ কৰে আভাৰ সভাপতি হজৰত আলীয়ে।

দেওবাৰৰ ফাইনেল খেলখনত উত্তৰ বৰপেটা এফ চি দলে বামুণতাৰী আজাদ ক্লাবক ১-০ গ’লত পৰাস্ত কৰি চেম্পিয়ন হয়। উত্তৰ বৰপেটা এফ চি'ৰ হৈ বিজয় সূচক গ’লটো দিয়েই ছিন্টু দাসে। খেলখন পৰিচালনা কৰে নৃপেন তালুকদাৰ, জাহেৰ উদ্দিন আৰু খনীন নাথ। চূড়ান্ত খেলখনত উপস্থিত থাকে ভীৰু কুমাৰ শৰ্মা, ডঃ আব্দুৰ কুদ্দুচ শিকদাৰ, দুলাল সৰকাৰ, আলটাফ হুছেইন আৰু বহুতো বিশিষ্ট ব্যক্তিসকল। খেলপথাৰখনৰ দুৰাৱস্থাৰ কাৰণে চুড়ান্ত খেলখন এমাহলৈকে পিছুৱাই ৰখা হৈছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।