কয়লা-চুপাৰিৰ চিণ্ডিকেট নাইকিয়া কৰাৰ পণ লৈছে অসম আৰক্ষীয়ে

 10/14/2019 - 14:10

গোলাঘাটঃ কয়লা, চুপাৰি, অৰুণাচলী সুৰাৰ চিণ্ডিকেটলৈ কোনো কাৰণতে চলিবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰিলে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই। গোলাঘাটত এক বিশেষ কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰি ৰাজ্যত অব্যাহত থকা ড্ৰাগছ, চাইবাৰ ক্ৰাইম আৰু মহিলা সম্পৰ্কীয় অপৰাধ ঘটনাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্হা গ্ৰহণ কৰি নিৰ্মূল ব্যৱস্হা গ্ৰহন কৰিব অসম আৰক্ষীয়ে। ৰাজ্যত অব্যাহত আছে বিশেষ ভাবে কয়লা, চুপাৰী আৰু অৰুণাচলী সুৰাৰ চিন্ডিকেট। কিন্তু এই চিণ্ডিকেট সম্পূর্ণ ৰূপে নাইকিয়া কৰাৰ পণ লৈছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই। বিভিন্ন সময়ত অবৈধভাবে চলি থকা কয়লা চুপাৰী আৰু অৰুণাচলী সুৰা আৰক্ষীয়ে ধৰি জব্দ কৰিছে।  অধিক অভিযান চলাব বুলি গোলাঘাটত মন্তব্য আগবঢ়াই আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীয়ে।

গোলাঘাটৰ বিশিষ্ট শিক্ষাবিদ, নাগৰিক, দল সংগঠন আৰু সাংবাদিকৰ লগত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈ ড্ৰাগছ, চাইবাৰ ক্ৰাইম আৰু মহিলা সম্পৰ্কীয় অপৰাধ ঘটনাৰ ওপৰত বিশদভাবেসকলোৰে লগত আলোচনা কৰি পৰামৰ্শ গ্ৰহন কৰে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই। বিশেষভাবে গোলাঘাটত ড্ৰাগছৰ এক বিশাল সাম্ৰাজ্য গঢ়ি তুলিছিল একাংশ ড্ৰাগছ মাফিয়াই।

সেইয়া এতিয়া যদিও নিয়ন্ত্ৰন কিন্তু কোনে আৰু কেনেধৰণে ৰমৰমীয়া বেহা চলাই আছে সেই ক্ষেত্ৰত ব্যৱস্হা গ্ৰহণৰ নিৰ্দেশ দিয়ে সভাত উপস্হিত গোলাঘাট আৰক্ষী অধীক্ষক পুস্পৰাজ সিংকে ধৰি জিলাখনৰসকলো আৰক্ষী বিষয়াসকলক। ইফালে অসম সাহিত্য সভাৰ সভাপতি দৌৰত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ নাম চৰ্চিত হোৱা বুলি সাংবাদিকে প্ৰশ্ন কৰাত ফালৰি কাটে কুলধৰ শইকীয়াই। কিন্তু যিয়েই নহওঁক অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ গোলাঘাট ভ্ৰমণে যথেষ্ট তাৎপৰ্য্য বহন কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।