সৰুপথাৰত লটাৰী মাফিয়াৰ দপদপনি: কাণসাৰ নাই আৰক্ষীৰ

 04/10/2019 - 15:18

সৰুপথাৰ: গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সদৰ সৰুপথাৰত এতিয়া অবৈধ লটাৰী মাফিয়াৰ দপদপনি। আৰক্ষী আৰু মহকুমা প্ৰশাসনৰ চকুৰ সন্মুখতেই চলাই গৈছে অবৈধ দাবোল গুটিৰ ৰমৰমীয়া বেহা।

এই লটাৰী কাউন্টাৰৰ প্ৰায় ১০০ মিটাৰ দূৰৈত এফালে আছে ধনশিৰি মহকুমা আৰক্ষী বিষয়াৰ কাৰ্যালয় আৰু আনফালে প্ৰায় ১০০ মিটাৰ দূৰৈত আছে সৰুপথাৰ আৰক্ষী থানা। এই দুইগৰাকী আৰক্ষী বিষয়াৰ নাকৰ তলতে চলিছে ডাবোল গুটি লটাৰীৰ বেহা।

এই ডাবোল গুটি লটাৰীৰ বেহা চলাইছে সৰুপথাৰৰ ৰণজিৎ ফুকন আৰু যোৰহাট তিতাবৰৰ দিলীপ কালোৱাৰ নামৰ দুজন লটাৰী মাফিয়াই। এই দুজন লটাৰী মাফিয়াই ধনৰ বিনিময়ত একাংশ লোকক খেলবিধ চলাই নিবলৈ নিয়োগ কৰিছে। লটাৰী মাফিয়াৰ অনুগ্ৰহত টিকত বিক্ৰী কৰা এজন ব্যক্তিয়ে সাংবাদিকৰ প্রশ্নৰ উত্তৰত নাম ললে ৰণজিৎ ফুকন আৰু দিলীপ কালোৱাৰৰ নাম।

আনজনে আকৌ টিকত বিক্ৰেতাৰ চাকৰি যোৱাৰ ভয়ত নক'লে মালিকৰ নাম। এতিয়া সকলোৰে লক্ষ্য আৰক্ষী আৰু মহকুমা প্ৰশাসনৰ ওপৰত।

নিজৰ কৰ্মচাৰীয়ে নাম কোৱাৰ পিছত এই দুজন লটাৰী মাফিয়াক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবনে সেইয়া লক্ষণীয় হ'ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।