গোটেই পৃথিৱী পিছুৱালেও মই পিছুৱাই নাযাওঁঃ জুবিন গাৰ্গ

 04/10/2019 - 15:18

গুৱাহাটীঃ সদায় নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি যাম। আমি কেতিয়াও পিছুৱাই নাযাওঁ, গোটেই পৃথিৱী পিছুৱালেও মই পিছুৱাই নাযাওঁ বুলি মন্তব্য জুবিন গাৰ্গৰ।

লোকসভা নিৰ্বাচনৰ সময়ত বিজেপিয়ে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰৰ পাছতে পুনৰ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সৰৱ হৈ উঠিছে সৰ্বসাধাৰণ।

কেন্দ্ৰত বিজেপি চৰকাৰ ক্ষমতালৈ আহিলে লোকসভাত জাতিধ্বংসী বিধেয়ক ২০১৬-ৰ বিষয়টো পুনৰ উত্থাপন হ’ব বুলি প্ৰকাশ পাইছে।

বিজেপিৰ এই মন্তব্যৰ পাছতেই ৰাজ্যৰ সকলো দল সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। জুবিনে এই বিষয়ত স্পষ্ট মত দাঙি ধৰি কয় "বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়ক আনিব বুলি কৈছে। এনে হ’লে অসমত পুনৰ হুলস্থূল হ’ব।

যোৱা বাৰৰ নিছিনা এইবাৰো আমি একেটা ছাতিৰ তলতে থাকিম।" প্ৰয়োজনত পুনৰ প্ৰতিবাদত বহাৰো হুংকাৰ দিয়ে জুবিনৰ। দেশৰ নিৰ্বাচন শান্তিপূৰ্ণ ভাৱে হৈ যোৱাতো কামনা কৰিছে জনসাধাৰণৰ হাৰ্টথ্ৰৱজনে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।