বালিপৰাত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় সৌন্দৰ্য প্ৰতিযোগিতা

 04/10/2019 - 16:36

ৰঙাপৰা: শোণিতপুৰৰ বালিপৰাত কালি এখনি সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰথমবাৰৰ বাবে 'দ্য জেনিথ গ্ৰুপ অব বালিপৰা'য়ে অনুষ্ঠিত কৰে জেনিথ কোঁৱৰ আৰু কোঁৱৰী-২০১৯ৰ জেনিথ টাইটেল কোঁৱৰ আৰু কোঁৱৰী সৌন্দৰ্য প্ৰতিযোগিতাখনি।

বালিপৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যাালয়ৰ খেল প্ৰাঙ্গনত অনুষ্ঠিত কৰা সৌন্দৰ্য প্ৰতিযোগিতাখনিত বিশ্বনাথ চাৰিআলি, তেজপুৰ আদিকে ধৰি বিভিন্ন প্ৰান্তৰ পৰা পঞ্চাশৰো অধিক প্ৰতিযোগীৰ লগতে বহু সংখ্যক শিশু প্ৰতিযোগীয়েও অংশগ্ৰহণ কৰে।

প্ৰথমবাৰৰ বাবে বালিপৰাত অনুষ্ঠিত কৰা সৌন্দৰ্য প্ৰতিযোগিতাখনিত যথেষ্ট সংখ্যক দৰ্শক উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।