বিহুৰ বতৰা লৈ আনিলে 'মৌ বৰষা'-ই

 04/10/2019 - 16:58

গুৱাহাটী: বিহু বুলি ক’লেই অসমবাসীৰ গা সাতখন আঠখন হয়। তাতে আকৌ ৰঙালী বিহুলৈ মাত্ৰ কেইটামান দিনহে বাকী আছে।

ৰঙালী বিহুৰ প্ৰাক মূহুৰ্তত আজি গুৱাহাটী প্ৰেছ ক্লাৱত 'মৌ বৰষা ২০১৯' নামৰ এটা সুন্দৰ বিহুগীত উন্মোচন কৰা হয়। প্ৰহ্লাদ শংকৰ ভাগৱতীৰ কণ্ঠত মুক্তি পাইছে এই বিহুগীতটো৷ 'মৌ বৰষা ২০১৯' হ’ল অসমৰ সাংস্কৃতিক জগতলৈ আগবঢ়োৱা প্ৰহ্লাদ শংকৰ ভাগৱতীৰ এক অন্যতম অৱদান।

য'ত প্ৰতিফলিত হৈছে অসমৰ কেঁচা মাটিৰ গোন্ধ থকা গীত মাত সুৰৰ এক সুষম সমাহাৰ। প্ৰহ্লাদ শংকৰ পেছাত এজন অভিযন্তা। চৰকাৰী কৰ্মৰাজিৰ পূৰ্ণ ব্যস্ততাৰ মাজতো তেখেতে অসমৰ সাহিত্য সংস্কৃতি,ক্ৰীড়া,সমাজসেৱা আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে নানান অৰিহনা আগবঢ়াই আহিছে।

এইবাৰ তেওঁ এই গীতটোৰ জৰিয়তে সংগীতৰ জগততো নতুনকৈ খোজ পেলাইছে। 'মৌ বৰষা ২০১৯' বিহুগীতটোৰ প্ৰযোজনা অভিযন্তা ৰঞ্জু গগৈ ভাগৱতীৰ৷ পৰিকল্পনা কৰিছে চিত্ৰশিল্পী বকুল শৰ্মাই৷ ৰচনা প্ৰহ্লাদ শংকৰ ভাগৱতীৰ, পৰিচালনা/কথা/সুৰ সংগৃহীত কৰিছে বুধিন বিধান দাসে৷

মৌ বৰষাৰ সহ-শিল্পী ৰিপুঞ্জয় শৰ্মা। বিহুগীতটিৰ শুভ উন্মোচনী অনুষ্ঠানত বিশিষ্ট অভিনেতা নিপন গোস্বামী, সংগীত শিল্পী জে.পি দাস, বিমান বৰুৱা, ছবি পৰিচালক পুলক গগৈৰ লগতে কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।