হাগ্ৰামা বিটিচিৰ ঘৰিয়াল: নৱ কুমাৰ শৰণীয়া

 04/10/2019 - 17:06

তামুলপুৰ: হাগ্ৰামা বিটিচিৰ ঘৰিয়াল৷ তামুলপুৰত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত এই মন্তব্য সাংসদ নৱ কুমাৰ শৰণীয়াৰ৷ তামুলপুৰত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি সাংসদগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰি ৰাইজক তেওঁৰ নিৰ্বাচনী প্ৰতীক টৰ্চ লাইটৰ ছবিত ভোট দিবলৈ আহ্বান জনায়৷

নৱ কুমাৰ শৰণীয়াৰ দাবী যে, "কোকৰাঝাৰ লোকসভা সমষ্টিত কোনো প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতাত নাহে৷ মই দ্বিতীয়বাৰৰ বাবে এগৰাকী সাধাৰণ সেনা জোৱানৰ সন্তান হৈ ৰাইজৰ সেৱা কৰি যাবলৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছো৷ ৰাজনীতি মোৰ নিচাও নহয় পেছাও নহয়৷ একমাত্ৰ ৰাইজৰ প্ৰয়োজনত নিৰ্বাচন খেলিছো৷ বিটিচিৰ অবড়ো ৰাইজ নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে ৷ সেয়ে মই অকল বিটিচিৰ জনসাধাৰণৰ সুৰক্ষা নিৰাপত্তা নিশ্চিত কৰাৰ কাৰণেহে ৰাজনীতি কৰিছো৷ অবড়ো ৰাইজ কোনো মূল্যৰ বিনিময়ত বিক্ৰী হোৱা মানুহ নহয়৷ সেয়েহে মই দ্বিতীয়বাৰৰ বাবে সংসদলৈ এই ৰাইজৰ ভোটেৰে জয়যুক্ত হ'ম"৷

কাৰ্যালয় মুকলি কৰাৰ পূৰ্বে তামুলপুৰৰ ৰাজপথত নৱ কুমাৰ শৰণীয়াই তেওঁৰ মাতৃক লগত লৈ সমৰ্থকসকলে এক সমদল উলিয়ায়৷ সমৰ্থকসকলে নৱ কুমাৰ শৰণীয়া জিন্দাবাদ, নৱ কুমাৰ শৰণীয়াক টৰ্চৰ ছবিত ভোট দিয়ক আদি শ্ল'গান দি তামুলপুৰৰ ৰাজপথ উত্তাল কৰি তোলে৷

লগতে শৰণীয়াৰ মাতৃয়ে সাংবাদিকৰ আগত উল্লেখ কৰে যে, "ভাৰতীয় সেনা জোৱানৰ পুত্ৰ হৈ দেশৰ সেৱা কৰি যাব মোৰ পুত্ৰই৷ এই আশীৰ্বাদ দিছো মোৰ পুত্ৰক৷ মোৰ স্বামীয়ে এসময়ত সেনাৰ জোৱান হিচাবে চীন আৰু বাংলাদেশৰ সৈতে যুদ্ধ কৰি দেশৰ সেৱা কৰি গৈছে৷ সেয়ে আজি আমাৰ পুত্ৰ হৈ নৱ কুমাৰ শৰণীয়াই দেশৰ সেৱা কৰি যাব"৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।