সাংবাদিকসকলৰ বাবে বিনামূলীয়া তেজ পৰীক্ষা শিবিৰ

 04/10/2019 - 17:21

গুৱাহাটী: দেশ, ৰাজ্যৰ খবৰ প্ৰতিটো সময়তে দিবলৈ প্ৰস্তুত হৈ থকা সাংবাদিকসকলো এটা সময়ত ভাগৰি পৰে।

হয়তো তেওঁলোকে ৰাইজৰ, সমাজৰ বাবে কাম কৰোতে কৰোতে নিজৰ দেহৰ খবৰ লবলৈয়ো আহৰি নাথাকে।

সেয়ে এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে আজি গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকৰ বিনামূলীয়া তেজ পৰীক্ষাৰ এটা শিবিৰ আয়োজন কৰা হয় য'ত সকলো সাংবাদিকে বিনামূলীয়াভাৱে দেহৰ তেজ পৰীক্ষা কৰাৰ সুযোগ লাভ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।