খাৰুপেটীয়াত জব্দ আঢ়ৈ লাখ টকা

 04/10/2019 - 17:33

দলগাওঁ: নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ মাজতে দৰঙৰ খাৰুপেটীয়াত নিৰ্বাচনী বিষয়াই জব্দ কৰিলে আঢ়ৈ লাখ টকা। তালাচী চলি থকা সময়ত জব্দ হয় টকাখিনি।

13G 9211 নম্বৰৰ এখন স্কৰপিঅ' গাড়ীত খাৰুপেটীয়া টাউনৰ মাজমজিয়াত কালি সন্ধিয়া ব্যৱসায়ী হামিদুৰ ৰহমান ওৰফে ভোলাৰ পৰা নিৰ্বাচনী বিষয়া ভৰত দেউৰীয়ে জব্দ কৰে টকাখিনি।

উল্লেখ্য যে, নিৰ্বাচনী বিষয়াই সন্ধিয়া খাৰুপেটীয়া আছাম অইলৰ সন্মুখত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই থকা অৱস্থাত উক্ত টকাখিনি জব্দ কৰা হয়।

ঘটনাস্থলীত দলগাওঁ ৰাজহ চক্ৰ বিষয়া যুৱৰাজ বৰঠাকুৰ আৰু খাৰুপেটীয়া আৰক্ষী বিষয়া বিৰাজ মোহন ডেকাৰ উপস্থিতিত টকাখিনি জব্দ কৰি ৰাতিয়েই মংগলদৈ কোষাগাৰ শাখালৈ নিয়াৰ ব্যৱস্থা কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।