ৰাজনৈতিক নেতাক সকীয়ালে হোৱাটছএপে

 02/07/2019 - 19:36

নতুন দিল্লীঃ ৰাজনৈতিক দলসমূহৰ বিৰুদ্ধে লোকসভা নিৰ্বাচনৰ পূৰ্বে গুৰুতৰ অভিোগ উত্থাপন কৰিছে বিশঅবৰ জনপ্ৰিয় মেছেজিং এপ হোৱাটছএপে। ফেচবুকৰ অধীনস্থ হোৱাটছএপৰ ভাৰতীয় কাৰ্যালয়ৰ শীৰ্ষ সূত্ৰই দাবী কৰা অনুযায়ী নিৰ্বাচনক লৈ ভাৰতৰ ৰাজনৈতিক দলসমূহে এপটো একাধিক ভুল কামত ব্যৱহাৰ কৰি আহিছে।

বৃহস্পতিবাৰে হোৱাটছএপৰ ভাৰতীয় কাৰ্যালয়স্থিত এগৰাকী শীৰ্ষ বিষয়াই দাবী কৰে যে বৰ্তমান সময়ত ভাৰতৰ ৰাজনৈতিক দলসমূহে হোৱাটছএপক অনৈতিক ধৰণৰে ব্যৱহাৰ কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে। তেওঁ অনাগত সময়ছোৱাত ৰাজনৈতিক দলসমূহক তেনে নকৰিবলৈ কঠোৰ সকিয়নী প্ৰদান কৰে।

হোৱাটছএপৰ হেড অৱ কমিউনিকেশ্যন কাৰ্ল বুগে এক সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি ভাৰতৰ ৰাজনৈতিক দলসমূহক সকিয়নী প্ৰদান কৰে। তেওঁ ভাৰতীয় ৰাজনৈতিক দলৰ নেতৃত্বৰ লগত প্ৰত্যক্ষ আলোচনা কৰাৰো মত পোষণ কৰে।

‘আমি যিটো উদ্দেশ্য আগত ৰাখি হোৱাটছএপ নিৰ্মাণ কৰিছিলো, সেই উদ্দেশ্য সদায় মনত ৰখা উচিত। ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিবৰ বাবে হোৱাটছএপ আমি নিৰ্মাণ কৰা নাছিলো।ইমানৰ পিছতো তেনে কৰিলে আমি কঠোৰ হ’বলৈ বাধ্য হৈ পৰিম।’-বিষয়াগৰাকীয়ে কয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।