ৰাষ্ট্ৰীয় শক্তি উত্তোলন প্ৰতিযোগিতাত প্ৰথম স্থান নগাঁৱৰ বিদ্যুৎ বৰাৰ

 04/10/2019 - 17:46

নগাঁওঃ ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল অসমৰ যুৱক। ৰাষ্ট্ৰীয় শক্তি উত্তোলন প্ৰতিযোগিতাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি প্ৰথম স্থান দখল কৰে নগাঁৱৰ পশ্চিম জলাহৰ বিদ্যুৎ বৰাই।

জলাহ গাঁৱৰ মুকুন্দ চন্দ্ৰ বৰা আৰু দুলুমনি বৰাৰ সন্তান বিদ্যুৎ বৰাই প্ৰথমে জিলা পৰ্যায়ত আৰু পৰৰ্বতী সময়ত ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছিল।

বিদ্যুতৰ এই সফলতা আৰু জিলাখনলৈ কঢ়িয়াই অনা গৌৰৱৰ বাবে বিদ্যুৎ বৰাক সম্বৰ্ধনা জ্ঞাপন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলাৰ সমিতিৰ লগতে বহু কেইটা দল সংগঠনে।

পশ্চিমবংগৰ হাওৰাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ ১২০ কিলোগ্ৰাম শাখাত অংশগ্ৰহণ কৰি চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে বিদ্যুতে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।