লাহৰীঘাটৰ কাঠনিত ব্ৰহ্মপুত্ৰ খহনীয়া অব্যাহত

 04/10/2019 - 18:07

মৰিগাঁওঃ মৰিগাঁও জিলাৰ লাহৰীঘাটৰ কাঠনিত নিতৌ চপৰা চপৰে খহিছে ব্ৰহ্মপুত্ৰৰ পাৰ। যোৱা পাঁচ দিনত প্ৰায় এশ মিটাৰ আগুৱাই আহিছে ব্ৰহ্মপুত্ৰ নদী।

খহনীয়াৰ এই তাণ্ডৱত শ শ বিঘা কৃষিভূমি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ লগতে কেইবা শতাধিক লোক সম্প্ৰতি ভেটিহীন হৈ পৰিছে।

তথাপিও কোনো ধৰণৰ খবৰ নাই চৰকাৰ তথা মৰিগাঁও জিলাৰ বিয়াগোম জলসম্পদ বিভাগৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।