প্রিয়ংকা গান্ধীৰ ৰ’ড শ্বত ‘মােদী মােদী’ ধ্বনি !

 04/10/2019 - 18:50

ডিজিটেল ডেস্কঃ লােকসভাৰ প্রথম পর্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্তিম দিনা উত্তৰ প্ৰদেশৰ বিজনৌৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্রিয়ংকা গান্ধী ভদ্ৰাই ৰ’ড শ্বত অংশগ্রহণ কৰাৰ সময়ত বিজেপিৰ কৰ্মীৰ বিৰােধিতাৰ সন্মুখীন হয়।

ৰ’ড শ্ব’ৰ সময়ত বিজেপিৰ একাংশ সমর্থকে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ সমৰ্থনত ধ্বনি দিয়ে। ফলত এক হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয় আৰু দুয়াে পক্ষৰ মাজত সংঘৰ্ষৰ সূত্রপাত হয়। অৱশ্যে পাছত পৰিস্থিতি শাম কাটে। প্রিয়ংকাই বিজনৌৰত কংগ্ৰেছৰ প্রার্থী নাছিমুদ্দিন ছিদ্দিকীৰ সমর্থন প্রচাৰ চলাই থকাৰ সময়তে এই ঘটনা ঘটে।

জানিব পৰা মতে ছিদ্দিকীৰ সমৰ্থনত প্রিয়ংকাই ৰ’ড শ্ব’ কৰি থকাৰ সময়তে তাত বিজেপিৰ কর্মীসকল উপস্থিত হয়। তেতিয়া প্রিয়ংকাই তেওঁলােকলৈ ইংগিত কৰি হাঁহে আৰু ফুল আৰু ফুলৰ মালা দলিয়ায়। সেই সময়তে বিজেপি কর্মী তথা সমর্থকসকলে ‘মােদী মােদী’ ধ্বনি দিবলৈ ধৰে।

তেতিয়া কংগ্ৰেছৰ কৰ্মীসকলে ‘চকীদাৰ চোৰ' বুলি ধ্বনি দিয়াত দুয়ােপক্ষৰ মাজত সংঘাতৰ সৃষ্টি হয়। বিজেপিৰ একাংশ কর্মী প্রিয়ংকাৰ ওচৰলৈও আহে। সেই সময়ত তাত থকা চিআৰপিএফৰ জোৱানে বিজেপিৰ সমর্থকসকলক এখন দোকানৰ ভিতৰলৈ লৈ যায় আৰু তাতে আবদ্ধ কৰি ৰাখে।

উত্তেজিত হৈ পৰা কংগ্ৰেছৰ কর্মীসকলক কোনােমতে শান্ত কৰা হয়। উল্লেখযােগ্য যে বিজনৌৰত প্রথম পর্যায়ৰ  ভােটগ্রহণ ১১ এপ্রিলত হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।