লোকসভা নিৰ্বাচনলৈ সাজু নিৰ্বাচন আয়োগ

 04/10/2019 - 18:58

গুৱাহাটী: লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান ঘন্টা বাকী। চৰম উৎকন্ঠাত নিৰ্বাচনী প্ৰাৰ্থী। ১১এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু নিৰ্বাচন আয়োগ। শান্তিপূৰ্ণ নিৰ্বাচনৰ বাবে আহ্বান জনাইছে ভোটাৰক। নিয়োগ কৰিছে অতিৰিক্ত আৰক্ষী-প্ৰশাসন, লগতে সাজু কৰিছে ষ্ট্ৰং ৰোম।

নিৰ্দিষ্ট ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈছেগৈ প’লিং বিষয়া। যোৰহাট কলিয়াবৰ, তেজপুৰ, ডিব্ৰুগড় আৰু লক্ষীমপুৰ লোকসভা সমষ্টিৰ মুঠ ৪১গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৭৬,০৩৪৫৮ গৰাকী ভোটাৰে। ৪১ গৰাকী প্ৰাৰ্থীৰ মাজৰ পৰা ৫গৰাকী সাংসদ নিৰ্বাচন কৰিব ভোটাৰে।

সৰ্বমুঠ ৯,৫৭৪ টা ভোট কেন্দ্ৰত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। পুৱা ৭বজাৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। আয়োগৰ নীতি অনুসৰি চৰকাৰী বেচৰকাৰী সংস্থাই লাভ কৰিব মজুৰীসহ ছুটী আৰু থাকিব দিব্যাংগ ভোটাৰসকলৰ বাবে বিশেষ ব্যৱস্থা।

কোনো ৰাজনৈতিক দল অথবা নিৰ্বাচনী প্ৰাৰ্থীয়ে যাতে ভোটাৰক প্ৰলোভনেৰে প্ৰভাৱিত কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে আয়োগে। ৰাজনীতিৰ প্ৰতি বিৰাগ ভাৱ জন্মি একাংশই ভোটদানৰপৰা বিৰত থাকে, সেই লোকসকলকো ভোটদান প্ৰক্ৰিয়াত চামিল হ'বলৈ আহ্বান জানইছে নিৰ্বাচন আয়োগে।

বতৰ বিজ্ঞানৰ মতে, কাইলৈ বতৰো অনুকূল থাকিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।