কাতি বিহুৰ দিনা কামপুৰ যুৱ সমাজৰ আদৰণীয় পদক্ষেপ

 10/18/2019 - 15:02

কামপুৰঃ অসমীয়াৰ চেনেহৰ কাতি বিহুৰ দিনটোত নগাওঁ জিলাৰ কামপুৰৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান কামপুৰ আঞ্চলিক যুৱক সমাজৰ এক ব্যতিক্ৰমী কৰ্মই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

অনুষ্ঠানটোৱে কাতি বিহু উপলক্ষে কামপুৰৰ বিশেষভাৱে সক্ষম লোকসকলক এখনিকৈ গামোচাৰে সম্বধৰ্না জনোৱাৰ লগতে কিছু পৰিমানৰ জলপানী যোগান ধৰাৰ লগতে শীত নিয়ন্ত্ৰণ কৰিবৰ বাবে এখনিকৈ গৰম বস্ত্ৰ প্ৰদান কৰে।

নিশ্চিতভাৱে কাতি বিহু উপলক্ষে কামপুৰ আঞ্চলিক যুৱক সমাজে লোৱা পদক্ষেপ সঁচাকৈয়ে আদৰণীয়।               

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।