ৰঙাপৰাৰ প্ৰাক্তন বিধায়ক ভীমানন্দ তাঁতীৰ বাসগৃহত আৰক্ষীৰ তালাচী অভিযানঃ কংগ্ৰেছৰ গৰিহনা

 04/10/2019 - 19:33

ৰঙাপৰাঃ শোণিতপুৰৰ ৰঙাপৰাত আজি হঠাৎ চলে আৰক্ষী প্ৰশাসনৰ তালাচী অভিযান৷ এই তালাচী অভিযান চলে ৰঙাপৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক ভীমানন্দ তাঁতীৰ বাসগৃহত।

ৰঙাপৰাৰ ১ নং নামনিগাঁৱত থকা তাঁতীৰ বাসগৃহত আৰক্ষীয়ে অভিযান চলায় যদিও অবৈধ ভাৱে ৰখা কোনো ধৰণৰ সামগ্ৰী আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম নহয়। প্ৰশাসনৰ উক্ত ঘটনাত ৰঙাপৰা কংগ্ৰেছ কৰ্মীসকল ক্ষোভিত হৈ পৰে৷

কংগ্ৰেছৰ কৰ্মী ভিক্টৰ মমিনে কয় যে বিজেপি দল আজি হতাশ হৈ প্ৰশাসনৰ আশ্ৰয় লৈছে। প্ৰশাসনৰ যদি সাহস আছে তেতিয়া হলে বিজেপি দলৰ বিধায়ক সকলৰ ঘৰত তালাচী চলাওক বুলি কয়৷

অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক কাৰ্তিক কুৰ্মীয়ে কয়- জিলা প্ৰশাসনে প্ৰাক্তন বিধায়ক ভীমানন্দ তাঁতীৰ ৰঙাপৰাত থকা বাসগৃহত যিদৰে তালাচী চলালে ঠিক তেনেদৰে ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংঘাল, বৰছলাৰ বিধায়ক গণেশ লিম্বুৰ বাসগৃহত তালাচী চলাওক।

এটা তলা মৰা বাসগৃহত ৰঙাপৰা আৰক্ষীয়ে এইদৰে তালাচী চলোৱাৰ কাৰ্যক তেখেতে গৰিহনা দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।