অভয়াপুৰীৰ কুজীয়া নৈত অবৈধভাৱে বালি মাফিয়াৰ এটা বৃহৎ চক্ৰ

 10/19/2019 - 13:30

অভয়াপুৰীঃ অভয়াপুৰীৰ আমগুৰি প্ৰথম খণ্ডৰ ওচৰেৰে বৈ যোৱা কুজীয়া নৈত অবৈধ বালি খনৰৰ এক দৃশ্য প্ৰতিবিম্ব লাইভৰ কেমেৰাত বন্দী হৈছে৷ অভয়াপুৰী বন বিভাগৰ দুৰ্বল ভূমিকাৰ বাবে কুজীয়া নৈত অবৈধভাৱে বালি মাফিয়াৰ এটা বৃহৎ চক্ৰই খনন আৰম্ভ কৰিছে। কিছুদিন ধৰি ৰাইজক ফাঁকি দি কুজীয়া নৈত বালি খননকাৰ্য চলাই আছে এই বৃহৎ চক্ৰটোৱে।

অভয়াপুৰী বনবিভাগৰ বিভিন্ন কথা সঘনাই চৰ্চালৈ অহাৰ সময়ত বনবিভাগটোৰ বিষয়া-কৰ্মচাৰীয়ে চকুমুদা কুলিৰ ভাও ধৰাটো ৰহস্যজনক। পৰিৱৰ্তনকামী মিত্ৰজোঁট চৰকাৰখনে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰাৰ সময়ত কুজীয়া নৈত চলি থকা অবৈধ বালি খননকাৰ্য বন্ধ কৰিব পাৰিবনে বুলিও সচেতন মহলে প্ৰশ্ন কৰিছে৷ অভয়াপুৰীত এনে বহুকেইটা ঠাইত গোপনে বালি খননকাৰ্য চলি থকাৰ পিছতো বনবিভাগে পদক্ষেপ নোলোৱাটো ৰহস্যজনক। বনবিভাগ আৰু দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰা চৰকাৰখনে কি পদক্ষেপ লয় সেয়া সময়তহে লক্ষণীয় হ'ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.