কংগ্ৰেছ দলৰ নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতি ভুৱাঃ সদৌ অসম গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদ

 04/10/2019 - 19:57

গুৱাহাটী: শেহতীয়াভাৱে লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছ দলে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত গৰিয়া-মৰিয়া জনগোষ্ঠীৰ বাবে পুনৰ কিছুমান আঁভুৱা ভৰা প্ৰতিশ্ৰুতি সন্নিৱিষ্ট কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সদৌ অসম গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক মইনুল হকে।

আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা এখন সংবাদমেলত পৰিষদৰ সম্পাদক মইনুল হকে কয় যে থলুৱা মুছলমানৰ ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰা হ'ব বুলি দিয়া প্ৰতিশ্ৰুতি কংগ্ৰেছৰ ভুৱা আস্ফালনহে।

কাৰণ স্বাধীনতাৰ পিছৰে পৰা কংগ্ৰেছে গৰিয়া-মৰিয়া জনগোষ্ঠীৰ থলুৱা মুছলমানসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে। এইবাৰ লোকসভা নিৰ্বাচনত কেইবাজনো গৰিয়া-মৰিয়া জনগোষ্ঠীৰ লোকে দলীয় প্ৰাৰ্থিত্ব বিছাৰি আৱেদন কৰিছিল, কিন্তু কংগ্ৰেছে জনগোষ্ঠীৰ দুটাৰ এজন লোককো টিকট প্ৰদান নকৰিলে।

যোৱা পোন্ধৰ বছৰে তৰুণ গগৈ কাৰ্যালয়ত মন্ত্ৰী বিধায়ক বনোৱাটো দূৰৰে কথা কোনো এটা নিগম-নিকায়, ব'ৰ্ড অথবা জিলা পৰিষদৰ সভাপতি পদটো নিয়োগ কৰা পৰিলক্ষিত ন'হল। এই ক্ষেত্ৰত গৰিয়া-মৰিয়া জনগোষ্ঠীৰ থলুৱা মুছলমানসকলৰ প্ৰতি কংগ্ৰেছ কিমান দায়বদ্ধতাৰ প্ৰমাণ তেওঁলোকে দি গৈছে।

গতিকে এই নিৰ্বাচনী ইস্তাহাৰ কংগ্ৰেছৰ আভুৱা ভঁৰা প্ৰতিশ্ৰুতি হে মাত্ৰ। তদুপৰি সদৌ অসম গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদে পূৰ্বে কামৰূপ জিলাৰ হাজোৰ কলিতাকুছিত বাঘ হাজৰিকাৰ নামত প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে কংগ্ৰেছ সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, ৰাণী নৰহ, মনমোহন সিং, সঞ্জয় সিং, শান্তিয়াজ কুজুৰৰ ওচৰত আৱেদন জনাইছিল।

আনহাতে, গৰিয়া-মৰিয়া সংগঠনসমূহৰ বহু আন্দোলনৰ ফলত ২০১৬ চনত গৰিয়া উন্নয়ন পৰিষদ ঘোষণা কৰিলে যদিও পৰিষদখন কাৰ্য্যকৰী নকৰিলে আৰু এটা ফুটাকৰিও আগনবঢ়ালে। তাৰোপৰি বিশ্বনাথ চাৰিআলিত গো মাংস বিক্ৰী কৰাৰ বাবে এজন বৃদ্ধ লোকক গাহৰি মাংস খুৱাই দিয়াৰ লগতে মাৰধৰ কৰা ঘটনাক কঠোৰ ভাষাৰে গৰিহনা দিয়ে পৰিষদে।

বিষয়টো তদন্ত কৰি অতিশীঘ্ৰে দোষীক কঠোৰ শাস্তি বিহিবলৈ সদৌ অসম গৰিয়া-মৰিয়া পৰিষদৰ ফালৰ পৰা দাবী জনায়।আজিৰ এই সংবাদমেলত উপস্থিত থাকে কেন্দ্ৰীয় কমিটিৰ সহকাৰী সম্পাদক চায়েফ আলী, গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি ৰফিক আলী, কামৰূপ জিলা কমিটিৰ উপদেষ্টা মুছাউদ্দিন আহমেদ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।