বৰপেটাৰোডত অসম হোমিঅ’পেথিক ৰাজ্যিক সন্মিলন

 04/10/2019 - 20:52

বৰপেটাৰোডঃ নামনি অসমৰ বাণিজ্যিকপ্ৰধান চহৰ বৰপেটাৰোডত আজি হোমিঅ’পেথিক চিকিৎসাৰ আৱিষ্কাৰক ডাঃ হ্যেনিমেনৰ ২৩৪ সংখ্যক জন্ম দিৱস উপলক্ষে আই এম এৰ কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে অসম হোমিঅ’পেথিক ৰাজ্যিক সন্মিলনখন অনুষ্ঠিত হয়।

বৰপেটা জিলা হোমিঅ’পেথিক সমন্বয় সমিতি, বৰপেটাৰোড আৰু নৰ্থ ইষ্টাৰ্ণ হোমিঅ’পেথিক মেডিকেল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ যৌথ উদ্যোগত অনুষ্ঠিত সন্মিলনখনত পুৱা ১০বজাত ডাঃ হ্যেনিমেনৰ প্ৰতিচ্ছবিত মাল্যদান আৰু বন্তি প্ৰজ্জ্বলন কৰে ডাঃ দেৱেন্দ্ৰ মোহন প্ৰধানে। পুৱা ১০,৩০ বজাত প্ৰতিনিধি সভা অনুষ্ঠিত হয় আৰু তাৰ পিছতে অসমৰ হোমিঅ’পেথিক আৰু হোমিঅ’পেথিক চিকিৎসাৰ বৈজ্ঞানিক পৰ্যালোচনা অনুষ্ঠিত হয়।

য’ত বিশিষ্ট হোমিঅ’ চিকিৎসক ডাঃ প্ৰদ্যুৎ সেনগুপ্তই সমল বক্তা হিচাপে অংশগ্ৰহণ কৰে। আনহাতে, দুপৰীয়া ১বজাত ডাঃ নাৰায়ণ গোস্বামীৰ সভাপতিত্বত ডাঃ হ্যেনিমেন স্মৰণীয় সভা অনুষ্ঠিত হয়।ইপিনে মদন দেৱনাথ আৰু ডাঃ সুশান্ত মালাকাৰে আঁত ধৰা অনুষ্ঠানত ডাঃ হ্যেনিমেনৰ জীৱন দৰ্শনৰ লগতে হোমিঅ’পেথিক চিকিৎসা ওপৰত বিভিন্ন জনে বক্তব্য ৰাখে।

সভাৰ শেষত বিগত বছৰৰ দৰে এইবাৰো ডাঃ হ্যেনিমেন মেম’ৰিয়েল এৰ্ৱাড ২০১৯ শিৱসাগৰৰ ডাঃ কবিতা শৰ্মাক প্ৰদান কৰা হয়। আনহাতে উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি আবেলি এখনি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় ডাঃ সুশান্ত মালাকাৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।