সামৰণি পৰিল পূৱ গুৱাহাটী বিহু সন্মিলনৰ উদ্যোগত অনুষ্ঠিত কৰ্মশালা

 04/10/2019 - 21:11

গুৱাহাটীঃ ৰঙালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যৰ ভিন্ন প্ৰান্তত বিহু কৰ্মশালা অনুষ্ঠিত হৈ আছে৷ এই বিহুৰ মাদকতাই হৈছে ঢোল, পেঁপা, তাল, গগণা, কপৌ ফুল, কুলিৰ মাত আদি৷ যান্ত্ৰিকতাৰ মাজতো গুৱাহাটী মহানগৰত ৰঙালী বিহু উলহ-মালহেৰে আয়োজন কৰা হয়৷

ঠিক তেনেদৰে চানমাৰিৰ অসম অভিযান্তিক প্ৰতিষ্ঠানৰ খেলপথাৰত ৩১মাৰ্চৰ পৰা অনুষ্ঠিত হৈছিল এখন বিহু কৰ্মশালা৷ বিগত ১০দিন ধৰি পূৱ গুৱাহাটী বিহু সন্মিলনৰ উদ্যোগত এই কৰ্মশালা অনুষ্ঠিত হয়৷ আজি বিহু কৰ্মশালাখনৰ অন্তিম দিন৷ অন্তিম দিনৰ দিনা কৰ্মশালাত অংশগ্ৰহণ কৰা সকলোৱে বিহুৰ সাজপাৰ পৰিধান কৰি আহে৷

কৰ্মশালাত অংশগ্ৰহণ কৰা সকলোকে পূব গুৱাহাটী বিহু সন্মিলনৰ পৰা এখনকৈ মানপত্ৰ প্ৰদান কৰে৷ আজিৰ দিনটোত উপস্থিত থাকে অভিনেত্ৰী চেতনা দাস৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।