বোকাখাতৰ ৮০ নং ভোটগ্ৰহণ কেন্দ্ৰত ভোট দিব ভি আই পি, ভি ভি আই পিয়ে

 04/10/2019 - 21:27

বোকাখাতঃ কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৯৩ নং বোকাখাত বিধান সভা সমষ্টিৰ ঐতিহ্যমণ্ডিত জ্যোতিপুৰ গাঁৱৰ ৮০ নং ভোট গ্ৰহণ কেন্দ্ৰ জ্যোতিপুৰ প্ৰাথমিক বিদ্যালয় (সোঁফাল) এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ কিয়নো এই ভোটগ্ৰহণ কেন্দ্ৰটোত ভোটদান কৰিব কেইবাগৰাকীও হাই প্ৰফাইল ভোটাৰে৷ ভি আই পি, ভি ভি আই পি ভোটাৰে ভোট দিব এই কেন্দ্ৰেটোত৷

এইসকল ভি আই পি, ভি ভি আই পি ভোটাৰ হ'ল অসম গণ পৰিষদৰ সভাপতি, জ্যেষ্ঠ কেবিনেট মন্ত্ৰী, বোকাখাতৰ বিধায়ক অতুল বৰা, অসম বিধান সভাৰ প্ৰাক্তন উপাধ্যক্ষ বলোভদ্ৰ তামুলী, প্ৰাক্তন বিধায়ক তথা বৰ্তমান কলিয়াবৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জিতেন গগৈয়ে৷ উল্লেখ্য যে, বলোভদ্ৰ তামুলী আৰু জিতেন গগৈ গাঁওখনৰ পুৰাতন বাসিন্দা৷

ইফালে আজিৰ পৰা ১০ বছৰৰ পূৰ্বে অতুল বৰাই ঘৰ-মাটি কিনি ইয়াত বসবাস কৰিবলৈ লৈছে৷ গতিকে এই কেন্দ্ৰটোত এতিয়া দৃষ্টি নিবদ্ধ হৈছে সকলোৰে৷ ইফালে প্ৰাক্তন উপাধ্যক্ষ বলোভদ্ৰ তামুলীয়ে জিতেন গগৈক ভোট দিবলৈ মুকলি আহ্বানো জনাইছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।