বিজেপিক ভোট নিদিবলৈ আহ্বান কটনিয়ানৰ

 04/11/2019 - 12:25

গুৱাহাটী: আজি ৰাজ্যত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। এই পৰিপ্ৰেক্ষিতত বিজেপি চৰকাৰক ভোট নিদিবলৈ জনসাধাৰণক আহ্বান জনাইছে কটন বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্রীসকলে। বিজেপি দলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ পোৱাৰ পিছতে ঐতিহাসিক কটন বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাই এক প্ৰেছ বিবৃতিযোগে এই কথা প্ৰকাশ কৰে।

কটন বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই জনোৱা মতে, হিন্দুত্ববাদী বিজেপি দলে অসমীয়া জাতিৰ সহমতক অৱজ্ঞা কৰি, ভাৰতীয় সংবিধান ধৰ্মনিৰপেক্ষতাক সম্পূৰ্ণৰুপে উলংঘা কৰি পুনৰবাৰ নিৰ্বাচনী ইস্তাহাৰত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহীত কৰিব বুলি ঘোষণা কৰিছে।

অৰ্থাৎ আগন্ত্তক লোকসভা নিৰ্বাচনত বিজেপি দল পুনৰ জয়ী হ'লে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাটো ১০০% নিশ্চিত। বিজেপিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি বিজেপিৰ এই সদম্ভ ঘোষণা প্ৰতিহত কৰাটো প্ৰতিজন অসমবাসীৰ মৌলিক দায়িত্ব বুলিও তেওঁ উল্লেখ কৰে।

বিবৃতিত কটন বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাই অসমীয়া জাতি আৰু ভাৰতীয় সংবিধান ৰক্ষাৰ স্বাৰ্থত আগন্ত্তক লোকসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিবলৈ অসমীয়া জাতিক বিশেষকৈ ছাত্র সমাজক আহাবান জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।