১৫ দিন ধৰি সন্ধানহীন বৃদ্ধা

 04/11/2019 - 12:44

লখিমপুৰ: লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত কদম টেঙাবস্তী গাৱৰ নিবাসী ফাঞ্চিচ ছয় (৭৫)ৰ পত্নী বেৰনিকা ছয় (৬৫) নামৰ বৃদ্ধাগৰাকী যোৱা ১৫ দিন ধৰি নিৰুদ্দেশ হৈ আছে।

পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰাৰ পিছতো এতিয়ালৈকে কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। অৱশেষত পৰিয়ালৰ লোকে সংবাদমাধ্যমৰ কাষ চাপে।

এই বৃদ্ধা গৰাকীৰ কোনোবাই যদি সন্ধান পাই এই নম্বৰত (9774170419) যোগাযোগ কৰি বৃদ্ধাগৰাকীক পৰিয়ালৰ লোকক ছমজাই দিবলৈ সংবাদমাধ্যমৰ জৰিয়তে অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।