বোমা উদ্ধাৰ ভোটগ্ৰহণ কেন্দ্ৰত

 04/11/2019 - 12:50

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আজিৰে পৰা অনুষ্ঠিত হৈছে।

দেশৰ কোনো স্থানতে যাতে বিক্ষিপ্ত ঘটনা সংঘটিত নহয় তাৰবাবে ভোটগ্ৰহণ কেন্দ্ৰসমূহত নিৰপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।

কিন্তু ইয়াৰ মাজতে বিহাৰৰ গয়া সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰত সৃষ্টি হয় এক আতংকময় পৰিস্থিতিৰ। ভোটাৰৰ মাজত লাগে হুৱাদুৱা।

কাৰণ ভোটগ্ৰহণ কেন্দ্ৰটোত উদ্ধাৰ হৈছে এটা বোমা। ভোটগ্ৰহণ কেন্দ্ৰটোত সেনা-নিৰাপত্তাৰক্ষীৰ দল উপস্থিত হৈ ইতিমধ্যে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে।

এই ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।