বিনামূলীয়া চকু অস্ত্ৰোপচাৰ কৰিবলৈ যোৱা ৰোগীক ১০ হাজাৰ টকাৰ দাবী

 10/22/2019 - 12:42

ৰঙিয়াঃ ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ৰ চকু চিকিৎসা বিভাগৰ সহায়ক আৰু গুৱাহাটীৰ প্ৰাগজ্যোতিষ নেত্ৰালয়ৰ চিকিৎসকৰ ধনৰ অংক। ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ৰ অপথেলমিক এছিচটেন্ট হাচিম আলী আৰু প্ৰাগজ্যোতিষ নেত্ৰালয়ৰ চকু চিকিৎসক দিবাকৰ ৰঞ্জন কলিতাই ধন দাবী কৰাৰ অভিযোগ।

টকা দিব নোৱাৰাৰ বাবে অস্ত্ৰোপচাৰ আধাতে সামৰি অস্ত্ৰোপচাৰ কক্ষৰ পৰা ৰোগীক গালি গালাজ কৰি বাহিৰ কৰি দিয়াৰ অভিযোগ ৰঙিয়াৰ বটাকুছিৰ যোগেশ কলিতা (৬৯) নামৰ এই লোকজনৰ। এতিয়া অসুস্থ হৈ পৰিছে এই লোকজন। মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্ণায়ক সেৱাৰ অধীনৰ চকু অস্ত্ৰোপচাৰৰ বাবে যোগেশ কলিতাই ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ৰ অপথেলমিক এছিচটেন্ট হাচিম আলীৰ কাষ চাপিছিল।

কিন্তু টকাৰ লুভীয়া অপথেলমিক এছিচটেন্ট হাচিম আলীয়ে অস্ত্ৰোপচাৰ কৰাৰ নামত দহ হাজাৰ আৰু গাড়ী ভাৰাৰ তিনিশ টকা খৰচৰ বাবদ বিচাৰে। টকা নাই বুলি কোৱাত যেনেকৈ ন’হওক যোগাৰ কৰিবলৈ কয়। ঠিক সেইমতে ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ৰ চকু অস্ত্ৰোপচাৰ কৰিবলৈ অহা লোকসকলক যোৱা ১৭ অক্টোবৰত গুৱাহাটীৰ মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্ণায়ক সেৱাৰ অধীনৰ প্ৰাগজ্যোতিষ নেত্ৰালয়লৈ লৈ যায়।

তাত ৰঙিয়াৰ বটাকুছিৰ যোগেশ কলিতাক অস্ত্ৰোপচাৰ কক্ষলৈ নি টকা বিচাৰে। কিন্তু নিজৰ সামৰ্থ নথকা বাবে টকা দিব নোৱাৰাত অস্ত্ৰোপচাৰ আধাতে সামৰে চকু চিকিৎসক দিবাকৰ ৰঞ্জন কলিতাই। অস্ত্ৰোপচাৰ কৰিবলৈ লোৱা বাওঁফালৰ চকুটোত বেন্দেজ লগাই গালি গালাজ কৰি সময় বৰ্বাদ কৰা বুলি ধমকি দি ওলিয়াই দিয়ে ৰোগীক। তাৰ পিছতে অসুস্থ হৈ পৰিছে বৃদ্ধগৰাকী।

ইতিমধ্যে অসুস্থ বৃদ্ধগৰাকীয়ে ন্যায় বিচাৰি আদালতৰ উপৰি ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ৰ বিভাগীয় কৰ্তৃপক্ষৰ কাষ চাপিছে। এতিয়া প্ৰশ্ন হ’ল ৰোগীৰ তেজ খুহি খোৱা চিকিৎসক, অপথেলমিক এছিচটেন্টৰ ওপৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে?

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।