বিশ্বনাথ কাণ্ডৰ উত্তাল প্ৰতিবাদ: অভিযুক্তক কঠোৰ শাস্তি প্ৰদানৰ দাবী

 04/11/2019 - 13:06

লংকা: বিশ্বনাথ চাৰিআলিত ভূলুন্ঠিত অসমৰ মান-সন্মান। অসমত সংঘটিত হোৱা বিশ্বনাথ চাৰিআলিত চৌকত আলী নামৰ বয়সস্থ লোকজনক একাংশ উগ্ৰ হিন্দুত্ববাদী লোকে মাৰপিঠ কৰাৰ লগতে বলপূৰ্বকভাৱে গাহৰিৰ মাংস খোৱাই দিয়াত ৰাজ্যখনৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাৰ উদ্দেশ্যে একাংশ উগ্ৰ হিন্দুত্ববাদীয়ে সংঘটিত কৰিলে এক অমানৱীয় কাণ্ড।

বিশ্বনাথ চাৰিআলিত এজন ইছলাম ধৰ্মাৱলম্বী পিতৃ সমতুল্য বৃদ্ধ ব্যক্তিক গো মাংস বিক্ৰীৰ অভিযোগত একাংশ দুষ্ট প্ৰকৃতিৰ লোকে শাৰীৰিকভাৱে প্ৰহাৰ কৰি গাহৰি মাংস খুৱাই দেখুৱাইছিল বীৰত্ব। তাৰ পিছতেই ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল এই জঘন্য ঘটনাৰ ভিডিঅ। ভাইৰেল হোৱা এই বিশেষ ভিডিঅ'ই অসম তথা অসমবাসীক আজি লজ্জানত কৰিলে।

ৰাজ্যত পূৰ্বতে নোহোৱা এনে জঘন্য কাণ্ডই পুনৰ উত্তাল কৰিলে দেশ তথা সমগ্ৰ ৰাজ্য। এই ঘটনাত জড়িত দোষীক কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবীত কালি হোজাইৰ শংকৰদেৱ নগৰস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদত বিশ্বনাথ চাৰিআলিত ৭ এপ্ৰিলত সংঘটিত হোৱা এই জঘন্য কাণ্ডৰ বিৰোধিতাৰে প্ৰায় শতাধিক লোকে হোজাই জিলা সংযুক্ত গণতান্ত্রিক ছাত্র মৰ্চাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰুপায়ন কৰে। 

প্ৰতিবাদকাৰীসকলে এই ঘটনাৰ আঁৰত বিজেপি জড়িত থকা বুলি অভিযোগ কৰে৷ হোজাই জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰি তেওঁলোকে কয় যে, ঘটনাত জড়িত অপৰাধীসকলক অতি শীঘ্ৰে কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে৷ উপায়ুক্তৰ হৈ প্ৰতিবাদকাৰীসকলৰ পৰা স্মাৰক পত্ৰ হোজাইৰ অতিৰিক্ত উপায়ুক্ত গৌৰী শংকৰ দাসে গ্ৰহণ কৰে৷

উপায়ুক্তৰ জৰিয়তে স্মাৰক পত্ৰৰ প্ৰতিলিপি অসমৰ মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান, অসম আৰু অসম মানৱ অধিকাৰ আয়োগলৈ প্ৰেৰণ কৰা হয়৷ যদি অহা ২৪ ঘন্টাৰ ভিতৰত উক্ত কাণ্ডত জড়িত দোষী ব্যক্তিক আটক কৰি শাস্তি প্ৰদান কৰা নহয় তেন্তে পৰৱৰ্তী সময়ত অসমজুৰি তীব্ৰ গনতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলি সকিয়াই দিয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।